মাজুলী,14 নৱেম্বৰ: কৰ’ণা মহামাৰীৰ পাছত মাজুলীত আহি উপস্থিত হৈছে প্ৰথমটো পৰ্যটকৰ দল ৷ ফ্ৰান্সৰ 7 জনীয়া এটা দলে শুকুৰবাৰে সন্ধিয়া মাজুলীত হয় ৷ শনিবাৰে পুৱা সেউজ দ্বীপটোৰ লগতে কেইবাখনো সত্ৰ পৰিদৰ্শন কৰে পৰ্যটকৰ দলটোৱে ৷
তদুপৰি দলটোৱে দ্বীপটোৰ সৌন্দর্যত অভিভূত হৈ পৰে ৷ সুদীর্ঘ 7/8 মাহৰ অন্তত মাজুলীলৈ অহা পৰ্যটকৰ দলটোৱে জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ আনিছে ৷ সুদীর্ঘ সময়ে উপাৰ্জনবিহীন হৈ পৰিছিল পৰ্যটন উদ্যোগটোৰ লগত জিলাখনৰ শতাধিক লোক ৷
লগতে চাওকঃ সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ