মাজুলী, 20 ডিচেম্বৰ : কৃষি কৰ্মৰে স্বনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে মাজুলীৰ ৬০ বছৰীয়া বোদ্ধেশ্বৰ বৰাই । মাজুলীৰ অভয়পুৰীয়া গাৱঁৰ এই লোক জনে বিগত ২৫ বছৰৰো অধিক কাল ধৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰি ৰাখিছে ।
জানিবলৈ দিয়া অনুসৰি, বোদ্ধেশ্বৰ বৰা নামৰ লোকজনে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ লগতে আই.টি.আই. প্ৰশিক্ষণ প্ৰাপ্ত ৷ বোদ্ধেশ্বৰ বৰাই প্ৰায় ২ বিঘা মাটিত আলু খেতি, ৩ কথা মাটিত নেমু খেতি, ১ বিঘাৰো অধিক মাটিত কল খেতি, বেঙেণা খেতি, ৩ বিঘা মাটিত সৰিয়হ খেতি, ফুল কবি, জিকা খেতি, ১০ বিঘামাটিত ধান খেতি কৰিছে ৷ এই আলু, বেঙেনা, জিকা, ফুলকবি, সৰিয়হ আদি ফচল সমূহ তেওঁ নিজেই মাজুলী বিভিন্ন বজাৰত বিক্ৰী কৰে বুলি জানিবলৈ দিছে বোদ্ধেশ্বৰ বৰাই ।
উল্লেখ্য যে, শাক-পাচলিৰ খেতিত কৃত্ৰিম সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰি আহিছে খেতিয়ক বৰাই ।