ETV Bharat / state

Death anniversary of Tarun Ram Phukan: মাজুলীত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক স্মৃতি দিৱস পালন - মাজুলী জিলা প্ৰশাসন

মাজুলী জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়া তথা মাজুলী কাৰ্যালয়ৰ উদ্যোগত বৃহস্পতিবাৰে মাজুলীত পালন কৰা হয় দেশভক্ত তৰুণৰাম ফুকনৰ 83 সংখ্যক স্মৃতি দিৱস(83rd death anniversary of Tarun Ram Phukan) ৷ অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

83rd-death-anniversary-of-patriot-tarun-ram-phukan-observe-in-majuli
মাজুলীত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক স্মৃতি দিৱস পালন
author img

By

Published : Jul 28, 2022, 4:28 PM IST

মাজুলী, 28 জুলাই : ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ যিসকল নেতাই যোগদান কৰিছিল সেইসকলৰ ভিতৰত অন্যতম আছিল তৰুণ ৰাম ফুকন । ১৯১৪ চনত তেওঁ স্বাধীনতা সংগ্ৰামত আগভাগ লৈছিল । আজি সেই মহান ব্যক্তিগৰাকীৰ 83 সংখ্যক মৃত্যুবাৰ্ষিকী ৷ সেই উপলক্ষ্যে বৃহস্পতিবাৰে মাজুলীত পালন কৰা হয় দেশভক্ত তৰুণৰাম ফুকনৰ 83 সংখ্যক স্মৃতি দিৱস(83rd death anniversary of Tarun Ram Phukan) ৷

মাজুলীত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক স্মৃতি দিৱস পালন

মাজুলী জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়া তথা মাজুলী কাৰ্যালয়ৰ উদ্যোগত কমলাবাৰী সাংস্কৃতিক কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দেশভক্তগৰাকীৰ মৃত্যুবাৰ্ষিকী ৷ দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু আদর্শৰাজি সম্পৰ্কে জনসাধাৰণক অধিক সজাগ কৰা আৰু ৰাষ্ট্ৰীয়বাদী ধাৰণাৰে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰৰ দিনটো স্মৃতি দিৱস হিচাপে পালন কৰে সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলা প্ৰশাসনে ।

দেশভক্ত তৰুণৰাম ফুকনৰ 83 সংখ্যক স্মৃতি দিৱসত উপস্থিত থাকে মাজুলী জিলা উপায়ুক্ত পুলক মহন্তকে আদি কৰি বহু সংখ্যক জ্যেষ্ঠ ব্যক্তি । অতিৰিক্ত জিলা উপায়ুক্ত দেৱনাৰায়ণ কোঁৱৰে আঁত ধৰে এই অনুষ্ঠানটিৰ ।

আনহাতে, দেশভক্ত তৰুণৰাম ফুকনলৈ শ্ৰদ্ধা নিৱেদন কৰি দেশ আৰু সাহিত্যসেৱাৰ বাবে কৰা ত্যাগ আৰু আদৰ্শ সন্দৰ্ভত ভাষণ প্ৰদান কৰে, উপায়ুক্ত পুলক মহন্ত, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়া, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ আনন্দ হাজৰিকা, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াই ।

লগতে পঢ়ক : Har Ghar Tiranga: ত্ৰিৰংগা প্ৰস্তুতত ব্যস্ত নলবাৰীৰ এদল মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.