ETV Bharat / state

ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰম্ভ

দক্ষিণপাট সত্ৰৰ চ'ৰাত স্থাপন কৰা হৈছে ভাৰত বৰ্ষৰ সৰ্ববৃহৎ তাঁতশাল । কালৰ বুকুত হেৰাই যাবলৈ ধৰা গুৰুজনাই সৃষ্টি কৰা বৃন্দাবনী বস্ত্ৰ অনুকৃতিমূলক ভাৱে বয়নৰ সিদ্ধান্ত ঐতিহাসিক দক্ষিণপাট সত্ৰৰ

ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰম্ভ
author img

By

Published : Jul 6, 2019, 7:33 PM IST

মাজুলী, 6 জুলাইঃ উত্তৰ-পূবৰ অন্যতম এক ধৰ্মীয় আৰু বুৰঞ্জী প্ৰসিদ্ধ পূণ্য স্থান মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ। ৩৫৬ বছৰীয়া সোনোৱালী পৃষ্ঠাৰে ভৰা ঐতিহাসিক দক্ষিণপাট সত্ৰই হঠাৎ ল'লে এক যুগান্তকাৰী সিদ্ধান্ত । শ্ৰী শ্ৰী যাদৱ ৰায়ৰ চৰণত পূজা অৰ্চনাৰে ৰাজসত্ৰৰ ঐতিহ্য অটুত ৰখাৰ উদ্দেশ্যে দক্ষিণপাট সত্ৰত পোন প্ৰথম বাৰৰ বাবে শংকৰ দেৱ আৰু মাধৱ দেৱৰ আৰ্হিত প্ৰতিষ্ঠা কৰা হয় গুৰু আসন ।

ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰম্ভ

৩৫৬ বছৰৰ বৰ্ণিল সোণোৱালী দিন অতিক্ৰম কৰাৰ পাছত শনিবাৰে পোন প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা হল গুৰু আসন। অৱশ্যে ব্ৰাহ্মণীয় ৰীতি নীতিৰে পৰিচালিত সত্ৰ খনৰ এই সিদ্ধান্তৰ আছে এক মহৎ আৰু যুগান্তকাৰী উদ্দেশ্য ৷ সত্ৰৰ চ'ৰাত স্থাপন কৰা হৈছে ভাৰত বৰ্ষৰ সৰ্ববৃহৎ তাঁতশাল । কালৰ বুকুত অসমৰ পৰা হেৰাই যাব ধৰা গুৰুজনাই সৃষ্টি কৰা বৃন্দাবনী বস্ত্ৰ অনুকৃতিমূলক ভাৱে বয়নৰ সিদ্ধান্ত লৈছে ঐতিহাসিক দক্ষিণপাট সত্ৰই । দক্ষিণপাট সত্ৰৰ এই সিদ্ধান্তৰ সন্মান জনাই দেওবাৰে এই কাৰ্যৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়কঃ ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ : সংগ্ৰহালয়ত সুৰক্ষিত হ'ব শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ আপুৰুগীয়া সম্পদ

Intro:মাজুলীৰ ঐতিহাসিক দক্ষিনপাট সত্ৰত নতুনত্ব……

৩৫৬ বছৰীয়া পৰম্পৰা ভংগ কৰি মাজুলী ৰ  ঐতিহাসিক দক্ষিনপাট সত্ৰত প্ৰতিষ্ঠা হ'ল গুৰু অাসন…………

উদ্দেশ্য-গুৰু জনাৰ অমৰ সৃষ্টি অনুকৃটিমুলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰন্ত……

ভাৰত বৰ্ষৰ সৰ্ববৃহৎ তাতশাল খনত বয়ন হব অনুকৃটি মুলক বৃন্দাবনী বস্ত্ৰৰ……

কাইলৈ মুখ্যমন্ত্ৰীয়ে শুভাৰন্ত ঘটাব অনুষ্ঠানৰ……

v.o......উত্তৰ-পূৱৰ অন্যতম এক ধৰ্মীয় অাৰু বুৰঞ্জী প্ৰসিদ্ধ পূণ্য স্থান…মাজুলীৰ ঐতিহাসিক দক্ষিনপাট সত্ৰ। ৩৫৬ বছৰীয়া সোনোৱালী পৃষ্ঠাৰে ভৰা ঐতিহাসিক দক্ষিনপাট সত্ৰই হঠাৎ ললে এক নতুনত্ব অাৰু যুগান্তকাৰী সিদ্ধান্ত। শ্ৰী শ্ৰী যাদৱ ৰায়ৰ চৰনত  নৈত্যনৈমত্তিক পূূজাৰে  ৰাজ সত্ৰ খনৰ ঐতিহ্য অটুত ৰখা দক্ষিনপাট সত্ৰত অাজি পোন প্ৰথম বাৰৰ বাবে জগত গুৰু শংকৰ দেৱ অাৰু মাধৱ দেৱৰ অাৰ্হিত প্ৰতিস্থা কৰিলে গুৰু আসন। শনিবাৰে পুৱাৰে পৰা গুৰু বন্দনাৰে মুখৰ হল সত্ৰৰ চৌহদ……। ৩৫৬ বছৰৰ বৰ্নিল সোণোৱালী দিন অতিক্ৰম কৰাৰ পাছত শনিবাৰে পোন প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা হল গুৰু অাসন। খোল তাল নাম প্ৰসংগ অাৰু অায়তীৰ উৰুলিৰে মুখৰিত হৈ পৰিল সত্ৰৰ অাকাশ বতাহ……… ………।

অৱশ্যে ব্ৰাহ্মনীয়া ৰীতি নীতিৰে পৰিপুষ্ট অথৱা পৰিচালিত সত্ৰ খনে নতুনত্ব ৰূপ লোৱাতো অাছে এক মহৎ অাৰু যুগান্তকাৰী উদ্দেশ্য……………হঠাৎ কিয় নতুনত্ব চানেকি সনিবিষ্ট হল ঐতিহাসিক ৰাজ সত্ৰ খনত?

শুনো অাহক এজন সত্ৰীয়া পণ্ডিতৰ  মুখেৰেই………

বাইট………সত্ৰাধিকাৰ ।

Body:হঠাৎ ঐতিহাসিক পৰম্পৰা ত নতুনত্ব সৃষ্টিৰ হাবিয়াস ৰ অাৰত যি মহান উদ্দেশ্য ৰ কথা নিহিত হৈ পৰিছে সেয়া জানিবলৈ অাপুনি প্ৰথমে চাব লাগিব এই দৃশ্য…।

সত্ৰৰ চৰাত এখন বৃহৎ তাতশাল। অাচৰিত হলেও সত্য যে এইখনেই ভাৰত বৰ্ষৰ সৰ্ব বৃহৎ তাতশাল। এই দাবী সত্ৰৰ সত্ৰাধিকাৰ অাৰু  বৈষ্ণৱ বৃন্দৰ।  কি কাৰনে এই বিশেষ তাত শাল খন প্ৰতিষ্ঠা কৰা হৈছে সত্ৰৰ বাকৰিত। হয়, ঐতিহাসিক দক্ষিনপাট সত্ৰ ৰ উদ্যোগত কালৰ বুকুত অসমৰ পৰা হেৰাই যাব ধৰা গুৰুজনাই সৃষ্টি কৰা বৃন্দাবনী বস্ত্ৰ অনুকৃটিমুলক ভাৱে বয়নৰ সিদ্ধান্ত লৈছে। কাইলৈ ইয়াৰ শুভাৰম্ভ ঘটাব। যাৰ বাবে এই প্ৰস্তুতি অাৰু বৃহৎ তাত শালৰ প্ৰতিষ্ঠা কৰা হৈছে। সেয়ে গুৰু অাসন প্ৰতিষ্ঠা কৰি এই মহান চানেকিৰে গুৰু জনাৰ অমৰ সৃষ্টিক সত্ৰত এতিয়াৰ পৰা স্থান দিব লগা হৈছে। যাৰ বাবে সত্ৰৰ বুৰঞ্জীত ৰোপন হৈছে  অন্য এক নতুন্ত অাৰু গুৰু জনাৰ শিপা বিছাৰি অাধ্যাত্মিক অান্দোলন………।

কাইলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভাৰম্ভ ঘটাব এই মহান কাৰ্যৰ।  সত্ৰ খনৰ এই পদক্ষেপক এতিয়া সকলোৱে অাদৰিছে। গুৰু গম্ভীৰ অাধ্যাত্মিকতাৰে ছানি ধৰিছে সত্ৰৰ পৰিৱেশ। 

Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.