ETV Bharat / state

নাওবৈচাৰ বান বিধ্বস্ত লোকক সাহায্য প্ৰদান যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ

author img

By

Published : Jun 14, 2020, 5:39 PM IST

নাওবৈচাৰ বান বিধ্বস্ত লোকক সহায়ৰ বাবে দেওবাৰে অঞ্চলটোত উপস্থিত হয় যুৱ নেতা ঋষিৰাজ হাজৰিকা ৷ খাদ্যৰ নাটনিয়ে দেখা দিয়া বান বিধ্বস্ত লোকৰ মাজত নিজাববীয়াকৈ সাহায্য বিতৰণ কৰিলে যুৱ নেতা গৰাকীয়ে ৷

bjp_leader_distribution_relief34061
bjp_leader_distribution_relief34061

নাওবৈচা, 14 জুনঃ বিগত এমাহে শিঙৰা নদীৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে লখিমপুৰ জিলাৰ নাওবৈচাত ৷ অঞ্চলটোত বানে ইতিমধ্যে বিধ্বস্ত কৰিছে শতাধিক পৰিয়ালৰ আশ্ৰয়স্থলৰ লগতে কৃষিভূমি ৷ বান বিধ্বস্ত ১ নং গেলাহাটী, ২ নং গেলাহাটী, গোসাঁনীবাৰী, চেঙেলীজান, আহোমণি, বঙালচুক, টকৌগুৰি আদি গাঁৱৰ শতাধিক লোকৰ মাজত এতিয়া দেখা দিছে খাদ্যৰ নাটনিয়ে ৷ যাৰ বাবে দেওবাৰে আৰ্তজনৰ সহায়ৰ বাবে অঞ্চলটোত উপস্থিত হয় যুৱ নেতা ঋষিৰাজ হাজৰিকা ৷

নাওবৈচাৰ বান বিধ্বস্ত লোকক সাহায্য প্ৰদান যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ

যুৱ নেতা গৰাকীয়ে নিজাববীয়াকৈ প্ৰায় তিনি শতাধিক বান বিধ্বস্ত লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ অঞ্চলটোৰ লোকক সাহায্য প্ৰদানৰ লগতে নেতাগৰাকীয়ে অঞ্চলটোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা বান সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত আলোচনা কৰি, ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ ইয়াৰোপৰি বহিঃৰাজ্যত কৰ্মৰত অঞ্চলটোৰ যুৱকসকল নিজ গৃহলৈ ঘূৰি অহাৰ পাচত তেওঁলোকক কৰ্ম সংস্থাপন দিয়াৰ বাবেও চিন্তা চৰ্চা কৰি থকা বুলি জানিবলৈ দিয়ে যুৱ নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ জলসম্পদ মন্ত্ৰীৰ গৃহ জিলাত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.