ETV Bharat / state

বনভোজ খাবলৈ গৈ অৰুণাচলৰ নদীত উটি গ'ল লখিমপুৰৰ যুৱকৰ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:23 PM IST

Youth drowned to death in Arunachal: বনভোজ খাবলৈ গৈ নদীত উটি গ'ল লখিমপুৰৰ এজন যুৱক ৷ মাত্ৰ 24 দিন পূৰ্বে মৃত্যু হৈছিল যুৱকজনৰ পিতৃৰ ৷

Youth Drowned to Death in Arunachal Pradesh
বনভোজ খাবলৈ গৈ সলিল সমাধি

অৰুণাচলৰ নদীত সলিল সমাধি যুৱকৰ

লখিমপুৰ, 18 ডিচেম্বৰ : কাল অমানিশা নামি আহিল লখিমপুৰৰ এটা পৰিয়াললৈ ৷ বনভোজেই কাল হ’ল লখিমপুৰৰ এজন যুৱকৰ ৷ অৰুণাচলৰ নদীত হেৰাই গ’ল লখিমপুৰৰ পবিত্ৰ বৰগোহাঁই ৷ বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল লখিমপুৰৰ যুৱকজনৰ ৷

দেওবাৰে অৰুণাচলৰ হাৱাই কেম্পৰ নদীত উটি যায় লখিমপুৰৰ যুৱকজন ৷ যুৱকজন লখিমপুৰ খেলমাটিৰ লাচিত নগৰ নিবাসী প্ৰয়াত প্ৰেম বৰগোহাঁইৰ পুত্ৰ পবিত্ৰ বৰগোহাঁই (35) বুলি জানিব পৰা গৈছে ৷ যুৱকজন লখিমপুৰৰ এক্সিচ বেংকৰ কৰ্মচাৰী আছিল ৷

দেওবাৰে বেংকৰ সতীৰ্থ সকলৰ সৈতে অৰুণাচলৰ হাৱাই কেম্পত বনভোজ খাবলৈ গৈছিল পবিত্ৰ বৰগোহাঁই ৷ পিছে এই যাত্ৰাই শেষ যাত্ৰা হ’ল পবিত্ৰৰ ৷ বনভোজৰ পৰা তেওঁ জীৱিত অৱস্থাত ঘূৰি নাহিল লখিমপুৰলৈ ৷ বনভোজ খাবলৈ গৈ নদীত পৰি মৃত্যু ঘটে যুৱকজনৰ ৷ দেওবাৰেই ঘটনাটো সংঘটিত হয় যদিও সোমবাৰে প্ৰায় সন্ধিয়াৰ পূৰ্বেহে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰা হয় ৷

উল্লেখ্য যে, যুৱকজনৰ পিতৃ প্ৰেম বৰগোহাঁইৰ মাথো 24 দিন পূৰ্বে মৃত্যু হৈছিল ৷ এটি কণমানি সন্তানসহ পত্নী আৰু দুই ভাতৃ তথা মাতৃক এৰি অৰুণাচলৰ নদীত হেৰাই গ'ল পবিত্ৰ ৷ এমাহৰ ভিতৰতে এনেদৰে এটা পৰিয়ালৰে পিতৃ-পুত্ৰ দুয়োজন হেৰাই যোৱাৰ ঘটনাই পৰিয়ালটোলৈ কাল অমানিশা নমাই আনিছে ৷ শোকৰ বন্যা বৈছে পৰিয়ালটোত ৷ স্থানীয় লোক সকলেও পৰিয়ালটোৰ এনে দুৰ্যোগত চকুলো টুকিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, অৰুণাচলতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মঙলবাৰেহে যুৱকজনৰ মৃতদেহটো স্বগৃহলৈ অনা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : হৃদক্ৰিয়া বন্ধ হৈ নাফিছ বিৰিয়ানীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.