ETV Bharat / state

সোৱণশিৰিৰ পাৰত এজাক মহিলাৰ প্ৰাৰ্থনা ! - খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা

লখিমপুৰত সোৱণশিৰিৰ পাৰত এজাক মহিলাৰ প্ৰাৰ্থনা ৷ খহনীয়া ৰোধৰ বাবে ইশ্বৰক স্তুতি ৷

খহনীয়া ৰোধৰ বাবে ইশ্বৰক স্তুতি
author img

By

Published : Sep 14, 2019, 5:23 PM IST

লখিমপুৰ, 14 চেপ্টেম্বৰ: নৈৰ সংহাৰৰ পৰা ৰক্ষা পাবলৈ ভগৱানৰ প্ৰাৰ্থনাই একমাত্ৰ সাৰথি হৈ ৰৈছে নিচলা ৰাইজৰ ৷ শুক্ৰবাৰে লখিমপুৰৰ সোৱণশিৰি নৈৰ পাৰত একাংশ মহিলাই ধূপ-চাকি জ্বলাই খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ৷ খহনীয়াত জাহ যাওঁ যাওঁ হৈ থকা বুঢ়ী আই থানৰ কুশল কামনা আৰু নৈৰ সংহাৰ ৰোধৰ বাবে ৰাইজে এইদৰে আঁঠু লয় ভগৱানৰ চৰণত ৷ জলসম্পদ বিভাগেও আজি পৰ্যন্ত খহনীয়া ৰোধৰ বাবে কোনো স্থায়ী ব্যৱস্থা নোলোৱাৰ অভিযোগ। জলসম্পদ বিভাগৰ বিৰুদ্ধে কেইডালমান বাঁহেৰে বৃহত্তৰ তেলিয়া পথাৰৰ খহনীয়া ৰোধৰ চেষ্টা চলাই দায়িত্ব সামৰা বুলি অভিযোগ তুলিছে ৰাইজে ।

লখিমপুৰৰ সোৱণশিৰি পাৰত এজাক গঞা মহিলাৰ প্ৰাৰ্থনা

Intro:এখন গাওঁ নহয় উচন হোৱাৰ পথত এটা বৃহত অঞ্চল। সোৱণশিৰীৰ খহনীয়া ৰোধৰ।আশাৰে ভগবান ক ভৰসা কৰি ভোগ দি পুজা নৈক।

Body:এইয়া লখিমপুৰ দৃশ্য। সোৱণশিৰীৰ পাৰত আয়তিৰ পাৰ্থনা । ধূপ চাকি জলাই খহনীয়া ৰোধৰ বাবে কাকুটি মিনটি এইসকল মহিলাৰ। কাৰণ নৈৰ খহনীয়া ত ৰাইজৰ বুঢ়ী আই থান উটি যাও যাও অৱস্থা। ৰাইজে বিশ্বাস কৰিছে চাকি ভোগ দি সেৱা জনালে হয়তো কালৰুপ নোহোৱা হব সোৱণশিৰীৰ।
বাইট মহিলা:

জলসম্পদ বিভাগেও হেনো আজি পৰ্যন্ত খহনি ৰোধৰ বাবে নললে কোনো স্থায়ী ব্যৱস্থা। কেইদালমান বাহেৰে বৃহত্তৰ তেলিয়া পথাৰৰ খহনীয়া ৰোধৰ চেষ্টা চলাই দায়িত্ব সামৰাৰ অভিযোগ জলসম্প বিভাগৰ বিৰুদ্ধে।

বাইট:

Conclusion:গাওখনৰ বহুতেই হেৰুৱাই পেলালে আপোন ঘৰ, কৃষি ভূমি, পোহনীয়া গৰু ছাগলী। বানত জুৰুলা দৰিদ্ৰ জনতাই এতিয়া খহনীয়া ৰ কৱলত পৰি হেৰুৱাইছে দিগ বিদিক। চৰকাৰলৈ সকলোৰে আহ্বান স্থানী খহনীয়া ৰোধৰ ব্যৱস্থা কৰক । নহলে এটা দিনত লখিমপুৰ মানচিত্ৰ ৰ পৰা নোহোৱা হব এটা বৃহৎ অঞ্চল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.