ETV Bharat / state

Har Ghar Tiranga Abhiyan: লখিমপুৰত লক্ষাধিক ত্ৰিৰংগা বিক্ৰী - Women engaged in making national flag in Lakhimpur

ৰাজ্যৰ হাটে বজাৰে এতিয়া উপলব্ধ হৈছে ত্ৰিৰংগা । সমাগত স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগাৰ প্ৰস্তুত আৰু বিক্ৰীৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে ৰাজ্যত । লখিমপুৰ জিলাখনৰ ৯ টা উন্নয়ন খণ্ড এলেকাৰ আত্মসহায়ক গোটৰ ২ হেজাৰ ৬০০ গৰাকী মহিলাক ত্ৰিৰংগা প্ৰস্তুত কৰা কামত নিয়োজিত কৰা হৈছে (Women engaged in making national flag in Lakhimpur) ৷

Har Ghar Tiranga Abhiyan
লখিমপুৰত লক্ষ্যাধিক ত্ৰিৰংগা বিক্ৰী
author img

By

Published : Aug 4, 2022, 7:21 PM IST

লখিমপুৰ, ৪ আগষ্ট : সমাগত দেশৰ স্বাধীনতা দিৱস (75th years of Independence of India)৷ স্বাধীনতা দিৱস উপলক্ষে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো চলিছে ব্যাপক প্ৰস্তুতি ৷ বাদ পৰি ৰোৱা নাই লখিমপুৰ জিলাও ৷

লখিমপুৰত লক্ষ্যাধিক ত্ৰিৰংগা বিক্ৰী

বাতৰি যুগুত কৰা পৰলৈকে অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ উদ্যোগত জিলাখনত এই পৰ্যন্ত ১ লাখ ৩০ হেজাৰ ৩৮৬ খন ত্ৰিৰংগা বিক্ৰী হৈছে । জিলাখনত ১ লাখ ৩৫ হেজাৰ ৬১০ খন ত্ৰিৰংগা প্ৰস্তুত কৰাৰ লক্ষ্য লৈ ইতিমধ্যে ১ লাখ ৩২ ৯১৯ খন প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰে ১ লাখ ৩০ হেজাৰ ৩৮৬ খন বিক্ৰী হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, জিলাখনৰ ৯ টা উন্নয়ন খণ্ড এলেকাৰ আত্মসহায়ক গোটৰ ২ হেজাৰ ৬০০ গৰাকী মহিলা ত্ৰিৰংগা প্ৰস্তুত কৰাত নিয়োজিত কৰা হৈছে (Women engaged in making national flag in Lakhimpur)। সেয়ে জিলাখনত এতিয়া স্বাধীনতা দিৱস উপলক্ষে নীল আকাশত সগৌৰৱেৰে ত্ৰিৰংগা উৰুৱাই সকলোৱে গৰ্বিত হোৱাৰ মহা আয়োজনত অলপো কাৰ্পণ্য কৰা নাই (Har Ghar Tiranga Abhiyan) । এই কথা সদৰি কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ জিলা বিষয়া দীপিকা পেগুৱে ৷

লগতে পঢ়ক : Har Ghar Tiranga Abhiyan: হৰ ঘৰ ত্ৰিৰংগা সম্পৰ্কে শিশুসকলক সজাগ কৰাৰ লক্ষৰে এজন যুৱকৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.