ETV Bharat / state

ক'ভিড প্ৰতিষেধক লৈ মহিলাৰ মৃত্যু - ক'ভিড প্ৰতিষেধক লৈ মহিলাৰ মৃত্যু

নাৰায়ণপুৰত ক'ভিড প্ৰতিষেধক লোৱাৰ পিছতে অসুস্থ হৈ পৰা অংগনবাদী সহায়িকাৰ মৃত্যু । দীপা গৌতম নামৰ সহায়িকা গৰাকীৰ ঘৰ নাৰায়ণপুৰৰ চেঁচা ৰাজগড়ত ।

A_BHP_woman-dies-after-taking-covid-vaccine_img_ASC10039
ক'ভিড প্ৰতিষেধক লৈ মহিলাৰ মৃত্যু
author img

By

Published : Feb 21, 2021, 2:21 PM IST

বিহপুৰীয়া, 21 ফেব্ৰুৱাৰী: নাৰায়ণপুৰত ক'ভিড প্ৰতিষেধৰ লোৱাৰ পিছতে অসুস্থ হৈ পৰা অংগনবাদী সহায়িকাৰ মৃত্যু । দীপা গৌতম নামৰ সহায়িকা গৰাকীৰ ঘৰ নাৰায়ণপুৰৰ চেঁচা ৰাজগড়ত । বিগত ৮ ফেব্ৰুৱাৰীত নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত মহিলাগৰাকীক প্ৰদান কৰা হৈছিল ক'ভিড-19 ভেকচিন । ভেকচিন গ্ৰহণৰ ৪৮ ঘণ্টা নহওঁতেই অসুস্থ হৈ পৰে মহিলাগৰাকী ।

পৰৱৰ্তী সময়ত অসুস্থ মহিলা গৰাকীক শিমলুগুৰি, গহপুৰ, বৰগাং কেথলিক হাস্পতাল, তেজপুৰ মিছন হাস্পতালত চিকিৎসা কৰোৱা হয় । অৱশেষত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শনিবাৰে সন্ধিয়া মহিলা গৰাকীয়ে মৃত্যুক সাৱতি লয় । পৰিয়ালৰ লোকে ক'ভিড-19 ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলতেই মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে । উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক-মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.