ETV Bharat / state

NHPC ত জল স্ৰোতৰ শিহৰণকাৰী দৃশ্য: বান্ধৰ ওপৰেৰে বাগৰিছে পানী

গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি । NHPC বান্ধৰ ওপৰেৰে বাগৰিছে পানী(Water spills over NHPC dam) । মূল বান্ধৰ ভিতৰত পানীৰ ভয়াৱহ সোঁত(Frightening stream of water inside main dam) । দৃশ্য দেখি শংকিত নামনিবাসী ৰাইজ । নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে বান্ধৰ পানী । ভয়াৱহৰূপত বৃদ্ধি পাইছে সোৱণশিৰি জলপৃষ্ঠ ।

author img

By

Published : Jun 17, 2022, 2:27 PM IST

Updated : Jun 17, 2022, 3:04 PM IST

water spills over dam of sowansiri project in gerukamukh
NHPC ত জল স্ৰোতৰ শিহৰণ কাৰী দৃশ্য: বান্ধৰ ওপৰেৰে বাগৰিছে পানী

লখিমপুৰ,১৭ জুন: বুকু কঁপি উঠা দৃশ্য । গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি । NHPC ৰ বান্ধৰ ওপৰৰে বাগৰিছে পানী(Water spills over NHPC dam) । যিকোনো মূহুৰ্ততে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা । কেমেৰাত আৱদ্ধ হৈছে প্ৰকল্পৰে পানী বাগৰাৰ ভয়ংকৰ দৃশ্য ।

প্ৰৱল জলস্ৰোতৰ বাবে বন্ধ কৰি ৰখা হৈছে নিৰ্মাণ কাৰ্য্য । বৃহস্পতিবাৰৰ নিশাৰ শুকুৰবাৰৰ পুৱালৈকে অব্যাহত আছে NHPCৰ এনে ভয়লগা দৃশ্য । আনহাতে মূল বান্ধৰ ভিতৰত পানীৰ ভয়াবহ সোঁতৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে(Frightening stream of water inside main dam) । প্ৰকল্পটোৰ এনে পৰিস্থিতিৰ বাবে বৃহস্পতিবাৰৰ নিশাৰ পৰা NHPC ৰ কাম-কাজ বন্ধ কৰি ৰখা হৈছে ।

ইফালে প্ৰকল্পৰ ভিতৰৰ এই ভয়ংকৰ দৃশ্য দেখি শংকিত হৈ পৰিছে নামনি বাসী ৰাইজ । যিকোনো মূহুৰ্ত্বত নামনি অঞ্চলত সংহাৰ সৃষ্টি শংকাত ক্ষণ গণিছে ৰাইজে । কিয়নো বিগত বৰ্ষত এনেদৰে প্ৰকল্পত ভয়াৱহ পানীৰ সোঁতৰ সৃষ্টি হোৱাৰ পাছতেই নামনিৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছিল ভয়ংকৰ বানত ।

উল্লেখযোগ্য নেৰানেপেৰা বৰষুণৰ বাবে ওফন্দি উঠিছে বান্ধৰ পানী । শুকুৰবাৰেও নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ । অচিৰেই প্ৰকল্পটোৰ ওপৰৰে বাগৰা পানীয়ে নামনিত বান পৰিস্থিতি জটিল কৰি তোলাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

বৰ্তমানেও প্ৰশাসনৰ ফালৰ পৰা কোনো আগজাননী দিয়া নাই যদিও প্ৰকল্পৰ ভিতৰৰ অতি ভয়াবহ দৃশ্যই নামনিৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে । এফালে বানপানী, আনফালে NHPC ৰ পানীৰ ভয়াবহ দৃশ্যই এতিয়া ৰাইজক আতংকিত কৰি ৰাখিছে ।

লগতে পঢ়ক: বান-বিহাৰৰ ঘটনাৰ প্ৰভাৱ: বাতিল হৈছে কেইবাখনো ৰে'লৰ সেৱা

Last Updated : Jun 17, 2022, 3:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.