ঢকুৱাখনা, ১৪ জুন : ঢকুৱাখনাৰ ঘিলামৰাত অসম চৰকাৰৰ অধীনত আৰম্ভ কৰা ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ কাম আজিপৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল । প্ৰায় ৫০ লাখ টকাৰে বহু বছৰ পূৰ্বেই আৰম্ভ কৰা 'ৰাজীৱ গান্ধী স্পৰ্টছ কমপ্লেক্স' নামৰ এক প্ৰকল্পৰ জৰিয়তে গেলাৰী, ড্ৰেচিং ৰুম আৰু অত্যাধুনিক ট্ৰেক নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । ক্ৰীড়া ক্ষেত্ৰক অগ্ৰাধিকাৰ দিয়াৰ ঢাক ঢোল বজাই থকাৰ সময়তে অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰীৰ সমষ্টিত জহি খহি গৈছে ক্ৰীড়া প্ৰকল্পটো । প্ৰায় ৩৬ বিঘা মাটিৰ বৃহৎ এলেকাত এতিয়া ঘন বন - জংঘলেৰে আৱৰি ধৰা পৰিলক্ষিত হৈছে ।
একে চৌহদতে ২০১৪-১৫ বিত্তীয় বৰ্ষত প্ৰায় ৫৬ লাখ টকাৰে নিৰ্মাণ কৰা হৈছিল মুখ্যমন্ত্ৰীৰ সপোনৰ 'জৱাহৰলাল নেহৰু গ্ৰাম্য ক্ৰীড়া প্ৰকল্প' । কিন্তু দুখৰ খবৰ যে, এই প্ৰকল্পৰ কামো আজিপৰ্যন্ত সম্পূৰ্ণ নহ'ল । শেহতীয়াকৈ ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ তৎপৰতাত ঘিলামৰা আঞ্চলিক পঞ্চায়তে সাত লাখ টকাৰ এক অনুদান আগবঢ়াইছিল । কিন্তু এই অনুদানে প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিবনে তাক লৈ বৃহৎ প্ৰশ্নৰ উদয় হৈছে ।