ETV Bharat / state

অচিন পোকৰ উপদ্ৰৱত লখিমপুৰত কৃষকৰ হাহাকাৰ - কৃষক

নাওবৈচাত অচিন পোকে এফালৰ পৰা খাই তহিলং কৰিছে সজাল ধৰা ধান খেতি ৷ উপায়ন্তৰ হৈ চৰকাৰক সহায়ৰ বাবে আহ্বান জনাইছে কৃষক ৰাইজে ৷

Unknown Disease Lost Paddy At Lakhimpu District
অচিন পোকৰ উপদ্ৰৱত লখিমপুৰত কৃষকৰ হাহাকাৰ
author img

By

Published : Aug 4, 2020, 6:20 PM IST

নাওবৈচা, 4 আগষ্টঃ সংহাৰী বানৰ পিছতেই এইবাৰ লখিমপুৰ জিলাৰ নাওবৈচাত অচিন পোকে নষ্ট কৰিলে বিঘাই-বিঘাই সজাল ধৰা ধান খেতি ৷ বহু কীট নাশক ঔষধ চতিয়াই সুফল পোৱা নাই কৃষক সকলে ৷

অচিন পোকৰ উপদ্ৰৱত লখিমপুৰত কৃষকৰ হাহাকাৰ

উল্লেখ্য যে, সোৱণশিৰি, বোকানদী, পাভ, ৰঙানদী আৰু শিঙৰা নৈৰ সংহাৰী বানে লখিমপুৰ জিলাত ঘৰ দুৱাৰৰ লগতে বিস্তৰ ক্ষতি সাধন হয় বহু কৃষি ভূমিৰ ৷ তাৰ পাছতেই আকৌ ভূতৰ ওপৰত দানব পৰা দি জিলাখনৰ হাজাৰ হাজাৰ বিঘা সজাল ধৰা শালি ধানৰ ওপৰত অচিন পোকে খাই তহিলং কৰিছে ৷ এই অচিন পোকৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষক সকলে বহু কীট- নাশক ঔষধ চতিয়াইছে যদিও কোনো সুফল লাভ কৰা নাই ৷ ফলত জিলাখনৰ দৰিদ্ৰ কৃষক সকলে মুৰে কঁপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

আনহাতে, দৰিদ্ৰ কৃষক সকলৰ দুৰ্যোগৰ সময়ত সহায়ৰ উদ্দেশ্যে উপস্থিত হৈছে সমাজকৰ্মী তথা অগপৰ ৰাজ্যিক সমিতিৰ সম্পাদক জয়ন্ত খাউণ্ড । জয়ন্ত খাউণ্ডৰ প্ৰচেষ্টাত অসম চৰকাৰৰ লখিমপুৰ জিলা কৃষি বিভাগৰ দ্বাৰা মঙলবাৰে ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱত কৃষক সকলৰ মাজত কীটনাশক বিতৰণ কৰাৰ লগতে খেতি পথাৰত কীটনাশক প্ৰয়োগ কৰা হয় । এই সজাগতা আৰু ঔষধ বিতৰণ অনুস্থানত জিলা কৃষি বিষয়া প্ৰভাত বৰা উপস্থিত থাকি খেতিৰ ওপৰত ল'বলগীয়া ব্যৱস্থাৰ বাবে বহু দিহা পৰামৰ্শ আগবঢ়াই কৃষক সকলক ৷

লগতে পঢ়ক- ৰঙিয়াত বানাক্ৰান্তৰ সহযোগত আছুৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.