লখিমপুৰ, 1 জুনঃ লখিমপুৰত এইবাৰ শিক্ষকৰ ৰূপত দেখা গল একাংশ অভিভাৱকক । শিক্ষক নথকাৰ বাবেই গাঁৱৰ শিক্ষিত যুৱকে পাঠদান কৰিলে প্ৰাথমিক বিদ্যালয়ত । তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হোৱাৰ দিনটোত এই দৃশ্য দেখা গ'ল লখিমপুৰ জিলাৰ আমতলা সামূহিক প্ৰাথমিক বিদ্যালয়ত (Parent teaching instead of teachers) ।
নাওবৈচা শিক্ষাখণ্ড কাৰ্যালয়ৰ ভুলৰ বাবেই ব্যাপক বিসংগতিৰ মাজেৰে চলিছে এই গুণোৎসৱ ৷ গুণোৎসৱ আৰম্ভ হ'ল যদিও জিলাখনৰ এই আমতলা সামূহিক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা নাই গুণোৎসৱত (Gunotsav Assam 2022) ।
উল্লেখ্য নিকতৱৰ্তী পকাদল প্ৰাথমিক বিদ্যালয়ত এই বিদ্যালয়খন চামিল কৰা হ'ল যদিও আভিভাৱকে সেই বিদ্যালয়লৈ নপঠিয়াই ছাত্ৰ ছাত্ৰী । ফলত ৩২ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত এতিয়া নাই এজনো শিক্ষক ।
লক্ষ্যণীয় যে আমতলা সামূহিক প্ৰাথমিক বিদ্যালয়ৰ দুই শিক্ষকক সোমবাৰে লৈ যোৱা হ'ল পকাদল প্ৰাথমিক বিদ্যালয়লৈ । পিছে এই চামিলকৰণৰ বিৰোধিতাৰে বুধবাৰে বিদ্যালয় চৌহদলৈ ওলাই আহিল অভিভাৱকসকল ।
একেমুখে ক'বলৈ হ’লে কোনো কাৰণতে পকাদল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱত ভাগ নলয় তেওঁলোকৰ সন্তানসকলে । লখিমপুৰত এতিয়া গুণোৎসৱৰ নামত এনেদৰেই চলিছে ভেকোভাওনা ।
লগতে পঢ়ক: 75th years of independence : আজাদী কা অমৃত মহোৎসৱত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ