ETV Bharat / state

Lakhimpur Town: লখিমপুৰ নগৰৰ মাজ মজিয়াত বাগৰিল বৃহৎ গছ; দুখন দোকানৰ ক্ষতিসাধন

author img

By

Published : Aug 7, 2023, 2:21 PM IST

লখিমপুৰ নগৰত বাগৰিল গছ । সোমবাৰে পুৱা গছ বাগৰি পৰাত দুখনকৈ দোকান বিস্তৰ ক্ষতি সাধন হয় ৷ আনহাতে ১২ জুলাইত লখিমপুৰ নগৰৰ মাজ মজিয়াত প্ৰায় ৫০ বছৰ পুৰণি এজোপা শিমলু গছ বাগৰি পৰিছিল ৷

Lakhimpur Town
লখিমপুৰ নগৰত গছ বাগৰি ধ্বংসস্তূপ দুখন দোকান

লখিমপুৰ,7 আগষ্ট: লখিমপুৰ নগৰত পুনৰ বাগৰিল গছ । সোমবাৰে পুৱা এজোপা গছ বাগৰি পৰাত দুখনকৈ দোকান বিস্তৰ ক্ষতি সাধন হয় ৷ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদৰ দাঁতিৰ থকা দুখন দোকানৰ ওপৰত গছ এজোপা বাগৰি পৰে । সৌভাগ্য ক্ৰমে সেই সময়ত দোকান দুখনত গ্ৰাহক বা গৰাকী নাছিল ।

বাৰে বাৰে লখিমপুৰ চহৰত হোৱা এই ঘটনাৰ বাবে বন বিভাগে গছ কটাৰ পৰিকল্পনা কৰিছে ৷ এই ক্ষেত্ৰত দল সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ সেমবাৰে হোৱা ঘটনাৰ পাছত অনুসূচীত জাতি ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি পাৰ্থ দাসে কয়, বন বিভাগে তৎকালীনভাৱে নগৰ এলেকাৰ বিপদজনক গছসমূহ কাটি ৰাইজৰ জীৱন সম্পত্তি ৰক্ষা কৰিব লাগে ৷

উল্লেখ্য যোৱা ১২ জুলাইত লখিমপুৰ নগৰৰ মাজ মজিয়াত প্ৰায় ৫০ বছৰ পুৰণি এজোপা শিমলু গছ বাগৰি পৰিছিল ৷ এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ লগতে বহু যান-বাহন, দোকান গৃহৰ ক্ষতি হৈছিল । নগৰৰ খেলমাটিত সংঘটিত হোৱা এই ঘটনাত পদপথৰ দাঁতিত থকা অস্থায়ী চাহৰ দোকানত বগৰি পৰিছিল ৷ ফলত জামাল উদ্দিন নামৰ বয়োজ্যেষ্ঠ দোকানীজন গুৰুতৰভাৱে আহত হৈছিল ৷ পৰৱৰ্তী সময়ত আহত জামাল উদ্দিনৰ মৃত্যু হয় । আনহাতে এখন ই-ৰিক্সাৰ আৰোহী মহিলা আৰু এগৰাকী যুৱতী আহত হৈছিল ।

তেতিয়াৰ পৰা নগৰ এলেকাত বিপদ জনক ৰূপত থকা বৃহৎ বৃহৎ গছসমূহ বন বিভাগে কাটিবলৈ আৰম্ভ কৰে । পিছে অতি লেহেমীয়া গতিৰে বন বিভাগে গছ কটাৰ কাম কৰিছে । যাৰ বাবে বৰষুণৰ বতৰত এতিয়া নগৰ এলেকাত গছসমূহ বিপদজনক হৈ পৰিছে আৰু নগৰখনৰ চৌদিশে বিপদৰ আশংকাই বিৰাজ কৰিছে ।

লগতে পঢ়ক: Story of Blind businessman: দৃষ্টিহীন ব্যৱসায়ী মানিক দেৱনাথৰ জীৱন কাহিনীৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.