ETV Bharat / state

Lakhimpur encounter: লখিমপুৰত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

author img

By

Published : Mar 11, 2022, 6:06 PM IST

লখিমপুৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police encounter in Lakhimpur)। আৰক্ষীৰ গুলীত আহত দুই ড্ৰাগছ সৰবৰাহকাৰী । ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মুঠ তিনিজনক আটক ।

Lakhimpur encounter
লখিমপুৰত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

লখিমপুৰ,১১ মাৰ্চ : ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam Police raid against drugs)। ইয়াৰ মাজতে লখিমপুৰত আটক তিনিটা ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ দুজনক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ গুলীত আহত দুজন ড্ৰাগছ সৰবৰাহকাৰী (Drug peddlers injured in police firing)।

উল্লেখ্য যে আৰক্ষীৰ তালাচী অভিযানৰ সময়ত বৃহস্পতিবাৰে সন্ধিয়া লখিমপুৰ জিলাৰ পথালি পাহাৰত আব্দুৰ জব্বৰ আৰু জাকিৰ হুছেইন নামৰ সৰবৰাহকাৰী দুটাক আটক কৰিছিল বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে (Drug Peddlers arrested)। তাৰ পাছত নিশা প্ৰায় ১ বজাত বান্দৰদেৱাৰ ২ নং পাৰ্বতীপুৰৰ বুধবৰীয়া বজাৰৰ সমীপত থকা ড্ৰাগছৰ ঘাটি আৰক্ষীক দেখুৱাবলৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাই ৷ যাৰ বাবে আৰক্ষীয়ে গুলীচালনা (Police firing at Lakhimpur) কৰে আৰু দুয়োজনৰে ভৰিত গুলী লাগে । সম্প্ৰতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন দুয়োজন ড্ৰাগছ সৰবৰাহকাৰী । ইফালে দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা চলা সেই অভিযানৰ সময়তে আৰক্ষীয়ে জাহেদ আলি নামৰ আন এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ।

ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

উল্লেখ্য যে এখন বিলাসী বাহনত ড্ৰাগছখিনি লৈ গৈছিল সৰবৰাহকাৰী দুজনে । বিশেষ সূত্ৰৰ পম খেদি বিহপুৰীয়াৰ আৰক্ষী পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলা অভিযানত বাহনখন জব্দ কৰে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ১০ টাকৈ চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :লখিমপুৰত আৰক্ষীৰ গুলিত আহত দুই ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.