ETV Bharat / state

ট্ৰাক চালক আৰু হেণ্ডিমেনক কেন্দ্ৰ কৰি বিপাঙত অসম-অৰুণাচল চৰকাৰ

author img

By

Published : Jul 25, 2020, 10:11 AM IST

বান্দৰদেৱাৰ পৰা অৰুণাচল অভিমুখী এখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ তাৎক্ষণিকভাৱে কৰা শ্বাৱ টেষ্টৰ ফলাফলত দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷ সেয়েহে অৰুণাচলৰ চেকপ’ষ্টৰ পৰাই পুনৰ অসমলৈ ঘূৰাই পঠোৱা হয় ট্ৰাকখন ৷ আনহাতে বান্দৰদেৱা আৰক্ষীয়েও গ্ৰহাণ কৰিবলৈ অস্বীকাৰ কৰিছে ট্ৰাকখন ৷

Truck driver covid positive at Bihpuria
ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচতে বিপাঙত ট্ৰাকচালক-হেণ্ডিমেন

বিহপুৰীয়া, 25 জুলাই : অসমৰ পৰা বান্দৰদেৱাৰ ইনাৰ লাইন চেকপ’ষ্ট হৈ অৰুণাচললৈ যাবলগীয়া এখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ তাৎক্ষণিকভাৱে কৰা শ্বাৱ টেষ্টৰ ফলাফলত ক’ভিড পজিটিভ পোৱাৰ পাচতে শুকুৰবাৰে অৰুণাচলৰ চেকপ’ষ্টৰ পৰাই পুনৰ অসমলৈ ঘূৰাই পঠোৱা হয় ট্ৰাকখন ৷

অৰুণাচল আৰক্ষীৰ তৰফৰ পৰা অসম আৰক্ষীক ট্ৰাকখন চমজি ল'বলৈ কোৱা হয় যদিও বান্দৰদেৱা আৰক্ষীয়ে অস্বীকাৰ কৰে ট্ৰাকখন ৷ অৰুণাচল আৰক্ষীয়ে ট্ৰাকখনক বাধা দিয়াৰ লগতে অসম আৰক্ষীয়েও ট্ৰাকখনত বাধা আৰোপ কৰে, ফলস্বৰূপে অসম-অৰুণাচল সীমান্তৰ মাজভাগতে ঘণ্টা ঘণ্টা ধৰি ৰখাই থোৱা হয় ট্ৰাকখন ।

অৱশ্যে দুয়োখন ৰাজ্যৰ চৰকাৰী বিষয়ববীয়াই টেলিফ’নিক বাৰ্তালাপ অব্যাহত ৰাখিছে যদিও বৰ্তমানো কোনো সমাধান দিয়া নাই বুলি জানিব পৰা গৈছে ৷ ইফালে, ট্ৰাকখনৰ ভিতৰতে আৱদ্ধ কৰি ৰখা হৈছে দুই ক’ভিড ৰোগীক ৷ ঘটনাক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক : বাক্সাৰ ভোলাঝাৰ হাইস্কুলত আৰম্ভ হ’ল NCC ৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.