লখিমপুৰ, ২৮ ফেব্ৰুৱাৰী : ‘‘আপ আৰু বিজেপি একেই হিন্দুত্ববাদী ৷ বিজেপিৰ শ্ল’গান হৈছে জয় শ্ৰী ৰাম আৰু আপৰ শ্ল’গান হৈছে জয় শ্ৰী হনুমান ৷ বিজেপিৰ দৰে আপো এটা হিন্দুত্ববাদী দল । ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত হিন্দুত্ববাদী দল টিকি থাকিব নোৱাৰে । অদূৰ ভৱিষ্যতেও আপৰ উত্থানটো পৰিলক্ষিত হোৱা নাই ৷ ৰাইজৰ মাজত আপৰ গ্ৰহণযোগ্যতা নাই’’ ৷ মঙলবাৰে লখিমপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই (Ripun Bora criticized AAP and AIUDF)।
লগতে তেওঁ কয়, ‘‘আপে পৰোক্ষভাৱে বিজেপিক সহায় কৰি আছে । ৰাইজে এই কথাটো বুজিছে । গুজৰাটৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী দি আপে পৰোক্ষভাৱে বিজেপিক সহায় কৰি ক্ষমতালৈ আনিলে ৷ সাধাৰণ ৰাইজে বিজেপিক সহায় কৰা দলক সমৰ্থন নকৰে । সমৰ্থন কৰিব বিজেপি বিৰোধী শক্তিকহে’’ । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত AIUDF দলে কাম কৰি আছে বুলি কটাক্ষ কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘মুছলমান ৰাইজৰ মাজত দলটোৰ গ্ৰহণ যোগ্যতা নাই । AIUDF দলটোৱে বিজেপিৰ বি টীম হিচাপে কাম কৰি আছে’’ । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছ সম্পূর্ণ সাজু বুলি উল্লেখ কৰি তেওঁ কয় যে, ৱাৰ্ডৰ পৰা জিলা পৰিষদলৈকে সকলোতে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী দি প্ৰতিদ্বন্দিতা কৰিব । তাৰ বাবে তৃণমূল কংগ্ৰেছে ইতিমধ্যেই ৰণ কৌশল প্ৰস্তুত কৰিছে ৷
লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত দলটোৱে এতিয়াও সিদ্ধান্ত চূড়ান্ত কৰিব পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘লোকসভা নিৰ্বাচনৰ বাবে সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰাৰ বাবে প্ৰাৰ্থী দিয়াৰ আলাপ আলোচনা চলি আছে । বিৰোধীৰ ঐক্যবদ্ধ ৰণকৌশল প্ৰস্তুত হ’লেহে তৃণমূল কংগ্ৰেছৰ এই সম্পৰ্কে স্থিতি স্পষ্ট হ’ব’’ ৷
উল্লেখ্য যে, মঙলবাৰে লখিমপুৰত তৃণমূল কংগ্ৰেছৰ এটা জিলা কাৰ্যালয় উদ্বোধন কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই (Ripun Bora inaugurated TMC district office in Lakhimpur)। দলীয় কার্যালয়টো উদ্বোধনৰ পাচত তেওঁ সংগীত বিদ্যালয়ত আয়োজিত এখন দলীয় সভাতো অংশগ্ৰহণ কৰে । তেওঁ কয় যে, ৰাজ্যৰ 35 খন জিলাৰ ভিতৰত 30 খন জিলাত তৃণমূল কংগ্ৰেছৰ জিলা সমিতি গঠন কৰি পূৰ্ণগতিত দলীয় কামকাজ চলাই থকা হৈছে ৷ লগতে দলীয় জিলা কাৰ্যালয়সমূহো মুকলি কৰা হৈছে ।
মঙলবাৰে লখিমপুৰত ৰিপুন বৰাৰ সৈতে দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ ৰাজ্যিক কোষাধ্যক্ষ ঘন চুতীয়া, এচ চি কোষৰ সভাপতি মাধৱ দাস, সম্পাদক মৃদুল শইকীয়া, ৰুমী বেগম, উপ সভাপতি আম্বাজ উদ্দিন আহমেদৰ উপৰিও লখিমপুৰ জিলা সমিতিৰ সভাপতি লেখন বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জুবিন গগৈ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি হিৰণ্ময় গগৈ আদিয়ে ৷
লগতে পঢ়ক : All Tiwa Students Union apologises: জুবিন গাৰ্গৰ ওচৰত ক্ষমা খুজিলে সদৌ তিৱা ছাত্ৰ সন্থাই