ETV Bharat / state

লখিমপুৰত তিনিটা ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন - Three sports complex inaugurated at Lakhimpur

লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিলে তিনিটা ক্ৰীড়া প্ৰকল্পৰ ৷ প্ৰকল্প কেইটাৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু ৷

three-sports-complex-inaugurated-by-cm-sarbananda-sonowal-at-lakhimpur
লখিমপুৰত তিনিটা ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন
author img

By

Published : Jan 30, 2021, 10:09 PM IST

নাওবৈচা,30 জানুৱাৰী: লখিমপুৰৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিলে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা-সুবিধা প্ৰদান কৰাৰ উদ্দেশ্য নিৰ্মাণ কৰি উলিওৱা তিনিটাকৈ বৃহৎ ক্ৰীড়া প্ৰকল্প ৷ শনিবাৰে লখিমপুৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা বৃহৎ ক্ৰীড়া প্ৰকল্প কেইটাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰথমে লখিমপুৰ আভ্যন্তৰীণ ষ্টেডিয়াম উদ্বোধন কৰে সোণোৱালে ৷ ইয়াৰ পিছতে নৰ্থ লখিমপুৰ কলেজৰ চিন্থেটিক এথলেটিক ট্ৰেকৰ শুভাৰম্ভণি কৰাৰ পাছত বিয়লি পানীগাঁৱত নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লখিমপুৰ আভ্যন্তৰীণ ষ্টেডিয়াম উদ্বোধন

ক্ৰিয়া প্ৰকল্প কেইটা উদ্ধোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলক এই প্ৰকল্প কেইটাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলত অংশ গ্ৰহণ কৰি ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই আনিবলৈ জনালে আহ্বান ৷

নৰ্থ লখিমপুৰ কলেজৰ চিন্থেটিক এথলেটিক ট্ৰেকৰ শুভাৰম্ভণি

আনহাতে তিনিওটা কাৰ্যসূচীতে মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সাংসদ প্ৰদান বৰুৱাই অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.