ETV Bharat / state

লখিমপুৰৰ কিশোৰীৰ অৰুণাচলত মৃত্যুক কেন্দ্ৰ কৰি অসম-অৰুনাচল সীমান্তত উত্তপ্ত পৰিস্থিতি - পৰিয়ালে পোৱা নাই মনিষাৰ মৃতদেহ

অৰুণাচলৰ দাপ'ৰিজুত ৰহস্যজনক ভাৱে মৃত্যু হৈছে লখিমপুৰৰ আনন্দ বাগিচাৰ মনিষা পাণিকা নামৰ এগৰাকী কিশোৰীৰ ৷ এজন অৰুণাচলী লোকৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল মনিকা ৷

tense-situation-on-assam-arunachal-border-over-death-of-a-girl-in-arunachal
লখিমপুৰৰ কিশোৰীৰ অৰুণাচলত মৃত্যুক কেন্দ্ৰ কৰি অসম-অৰুনাচল সীমান্তত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Sep 18, 2021, 10:47 PM IST

লখিমপুৰ, 18 ছেপ্টেম্বৰ: অৰুণাচলত বনকৰা কিশোৰী হিচাপে থকা লখিমপুৰৰ এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে অসম-অৰুনাচল সীমান্তত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ মনিষা পাণিকা নামৰ বনকৰা কিশোৰী গৰাকীক অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ৷ জানিব পৰা মতে, লখিমপুৰৰ আনন্দ বাগিচাৰ মনিষা পাণিকাক 8 বছৰৰ আগতে এজন অৰুণাচলীয়ে নিছিল ৷ কিন্তু যোৱা 15 ছেপ্টেম্বৰত মনিষাৰ মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিয়ে অৰুণাচলৰ লোকে ৷

ঘটনা সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মনিষাক কৌশলেৰে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে, অৰুণাচলৰ দাপ'ৰিজুত সংঘটিত হয় এই ঘটনা ৷ বনকৰা কিশোৰী গৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে আটছাই পথ অৱৰোধ কৰি ন্যায়ৰ দাবী জনায় ৷ লগতে যিজন লোকে মনিষাক নিছিল, সেই লোকজনক নিজে আহি মৃতদেহ গতাই দিয়াৰো দাবী জনায় আটছাই ৷

লখিমপুৰৰ কিশোৰীৰ অৰুণাচলত মৃত্যুক কেন্দ্ৰ কৰি অসম-অৰুনাচল সীমান্তত উত্তপ্ত পৰিস্থিতি

কিশোৰী গৰাকীৰ অকাল মৃত্যুৰ উচিত তদন্তৰ দাবীত আটছাই শনিবাৰে অৰুণাচলমুখী যানবাহন অৱৰোধ কৰে ৷ লগতে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ ৷ মালিক পক্ষই মৃতদেহ নিজে চমজাই নিদিলে মৃতদেহ পৰিয়ালৰ লোকে চমজি নলয় বুলিও সকিয়নী চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷

ঘটনাৰ চাৰিদিন উকলি যোৱাৰ পাছতো পৰিয়ালে পোৱা নাই মনিষাৰ মৃতদেহটো ৷ যাৰ বাবে অধিক উত্তেজিত হৈ পৰিছে মনিষাৰ পৰিয়ালৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থা ৷

লগতে পঢ়কঃ দন্ত চিকিৎসক বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.