ETV Bharat / state

কবৰস্থানৰ ভূমি বেদখলক কেন্দ্ৰ কৰি বগীনদীত তীব্ৰ উত্তেজনা

author img

By

Published : Jan 29, 2021, 5:43 PM IST

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদমত দুজন শিক্ষকে এখন ৰাজহুৱা কবৰস্থানৰ ভূমি বেদখল কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বগীনদী আৰক্ষীয়ে পক্ষপাতিত্ব কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ ৷

tens-situation-at-boginadi-of-lakhimpur-for-land-dispute
কবৰস্থানৰ ভূমি বেদখলক কেন্দ্ৰ কৰি বগীনদীত তীব্ৰ উত্তেজনা

লখিমপুৰ,29 জানুৱাৰী: লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদমত ৰাজহুৱা কবৰস্থানৰ ভূমি বেদখল কৰাৰ অপচেষ্টাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কদম টেঙা বস্তিৰ ৰাজহুৱা কবৰস্থানৰ পকী দেৱাল ভাঙি দুজন শিক্ষকে নিজৰ ঘৰলৈ যোৱা ৰাস্তা নিৰ্মাণ কৰাকলৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ভূমি বেদখলৰ অভিযোগত অভিযুক্ত হোৱা এই শিক্ষক দুগৰাকী হৈছে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰৱী শিক্ষক মহম্মদুল্লাহ আৰু লালপানী হাইস্কুলৰ আৰৱী শিক্ষক মানেক আলি ৷ দুয়ো গৰাকী শিক্ষকে কদম ৰাজহচক্ৰৰ চক্ৰ বিষয়া আৰু বগীনদী আৰক্ষী থানাৰ সহযোগত 1938 চনতে স্থাপন কৰা ৰাজহুৱা কবৰস্থানৰ ভূমি ৰাইজৰ লগত আলোচনা নকৰাকৈয়েই মণ্ডলৰ সহযোগত ৰাস্তাৰ বাবে ভূমি জোখমাখ কৰি, ৰাইজে নিৰ্মাণ কৰা পকী দেৱাল ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে,এই ঘটনাৰ পাছতে দুয়োগৰাকী শিক্ষকৰ বিৰুদ্ধে বগীনদী আৰক্ষী থানাত কবৰস্থান সমিতি আৰু স্থানীয় মহিলা সমিতিয়ে গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে ব্যক্তি দুগৰাকীক আটক নকৰি ৰাইজৰ বিৰুদ্ধে থিয় দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ইফালে ক্ষুদ্ধ হৈ পৰা গাঁওখনৰ তিনি শতাধিক ৰাইজে কবৰস্থানৰ ভাঙি দিয়া পকী দেৱাল নিৰ্মাণ কৰি থাকোতে বগীনদী আৰক্ষীয়ে বাধা দিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ প্ৰতিবাদী ৰাইজে অতি শীঘ্ৰে বেদখলীকৃত ভূমি উদ্ধাৰ কৰাৰ দাবী জনাইছে আৰক্ষীক ।

লগতে পঢ়কঃ গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.