ETV Bharat / state

Murder case in Lakhimpur : ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুৱালে কিশোৰে

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 3:02 PM IST

লখিমপুৰ নগৰ এলেকাৰ সমীপৰ চাপৰি গাঁৱত ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিয়াৰ বাবে এজন কিশোৰক নৃশংসভাৱে হত্যা কৰি নদীত দলিয়াই দিয়ে মৃতদেহ ৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Murder case in Lakhimpur
ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুৱালে কিশোৰে

লখিমপুৰ, ৫ অক্টোবৰ : লখিমপুৰ নগৰ এলেকাৰ সমীপৰ চাপৰি গাঁৱত বুধবাৰে নিশা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিয়াৰ বাবে এজন কিশোৰক নৃশংসভাৱে হত্যা কৰি নদীত দলিয়াই দিয়ে মৃতদেহ ৷

বৃহস্পতিবাৰে পুৱা ভাগত সোমদিৰি নদীৰ পৰা এছডিআৰএফ বাহিনীয়ে কিশাৰজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল কিশোৰজন ৷ প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি, কিশোৰজনে দোকান এখনৰ সন্মুখত বহি চাহ খাই আছিল ৷ তেনে সময়তে ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ বাবে অসুবিধা হোৱাত সৰবৰাহকাৰীৰ দলটোৱে কিশোৰজনক হানি খুচি হত্যা কৰি পুখুৰীটোলৈ দলিয়াই দিয়ে ৷ স্থানীয় লোকে জনোৱা অনুসৰি চাপৰি গাঁও এলেকাৰ আকবৰ, বাতেন, পেটুৱা ড্ৰাইভাৰ, আমিৰ আৰু ফালুৱে কিশোৰটিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আনহাতে দুই অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ এই হত্যাকাণ্ডৰ ঘটনাক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰিছে চাপৰি গাঁও অঞ্চলত।

আৰক্ষীয়ে ইতিমধ্যে কিশোৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ লগতে পলাতক অভিযুক্তদ্বয়ৰ সন্ধানত অভিযান চলাইছে ।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চাপৰি গাঁও অঞ্চলটো কেতবোৰ নিষিদ্ধ বেহাৰ ঘাটি হৈ পৰিছে। বাহিৰৰ পৰা একাংশ লোকে এই এলেকাৰ ভাৰাঘৰত থিতাপি লৈ নিষিদ্ধ বেহা চলাই গৈছে ৷ ফলত সামান্য কথাতে হত্যা পৰ্যন্ত কৰিবলৈ কুন্ঠাবোধ নকৰে এনে লোকে। অচিৰেই অঞ্চলটোত অভিযান চলাই সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: Husband suspicious over wife: পত্নীক পৰ পুৰুষৰ লগত সন্দেহ, স্বামীৰ লক্ষ্মণ ৰেখা পাৰ হওঁতেই পত্নীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.