লখিমপুৰ,২৮ জুন: দেশৰ ১২ খন ৰাজ্যক ৰক্তদান মহান দানৰ বাণী বিলাবলৈ লখিমপুৰৰ পৰা ৰাওনা হৈছে টিম হিউমেনিটিৰ দল । বেচৰকাৰী ৰক্তদাতা সন্থা টিম হিউমেনিটিয়ে সমগ্ৰ ৰাজ্যতে ৰক্তদানেৰে দীৰ্ঘদিন ধৰি বহুতৰে জীৱন ৰক্ষা কৰি আহিছে । এইবাৰ টিম হিউমেনিটিয়ে কেৱল অসমতে তেওঁলোকৰ কাম-কাজ সীমাবদ্ধ নাৰাখি দেশৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰিৰ পৰিকল্পনা কৰিছে । সেই উদ্দেশ্যে বুধবাৰে লখিমপুৰৰ পৰা ৰাওনা হৈছে টিম হিউমেনিটিৰ এটা চাৰিজনীয়া দল ।
ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই অহা লখিমপুৰৰ টিম হিউমেনিটিৰ চাৰিজন সদস্যই বুধবাৰে লখিমপুৰৰ পৰা আৰম্ভ কৰাত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সজাগতামূলক যাত্ৰা শুভ হোৱাৰ বাবে আশীৰ্বাদ জনাইছে । ঋতুৰাজ কাশ্যপ বৰা, ভবেন সজাতি,পৰমানন্দ বৰা আৰু নিৰঞ্জন ৰয় নামৰ চাৰি সদস্যই দেশখনৰ মুঠ ১২ খন ৰাজ্য পৰিভ্ৰমণ কৰিব এই মাহজোৰা সজাগতামূলক যাত্ৰা পথত । তেওঁলোকে ইতিমধ্য়ে বিভিন্ন সামাজিক কাম-কাজত লিপ্ত হৈ আহিছে ।
আজি পুৱাবেলা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আনুষ্ঠানিকভাৱে এই সজাগতামূলক যাত্ৰাৰ ফ্লেগ অফ কৰে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই । এই অনুষ্ঠানটোত জিলাৰ একাধিক অতিৰিক্ত উপায়ুক্ত, বিশিষ্ট ব্যক্তি আদিয়ে অংশগ্রহণ কৰি দলটোৰ যাত্রা সফল কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে । বিপদৰ সময়ত ৰক্তদানেৰে বিভিন্ন ৰোগীলৈ সাহায্য আগবঢ়োৱা টিম হিউমেনিটিৰ এই চাৰি সদস্যই এই যাত্ৰাত ৰাজ্যকেইখনৰ বিভিন্ন এনে স্বেচ্ছাসেবী ৰক্তদাতা সংগঠনৰ লগত এই বিষয়ত আলোচনাত মিলিত হ'ব । তেওঁলোকৰ কাম-কাজৰ বিষয়েও প্ৰচাৰ কৰিব ।
ৰক্তৰ অভাৱত যাতে এজনো ৰোগীৰো মৃত্যু নহয়, সেই লক্ষ্যৰে কাম কৰা টিম হিউমেনিটিৰ দলটোৱে এখন বাহনেৰে যাত্ৰা আৰম্ভ কৰিছে । উল্লেখ্য় যে টিম হিউমেনিটিৰ দলটোৱে পশ্চিমবংগ, বিহাৰ, ৰাজস্থান, হিমাচল প্ৰদেশ, লাডাখ, জম্মু-কাশ্মীৰকে ধৰি মুঠ ১২ খন ৰাজ্য ভ্ৰমণ কৰিব ।