ETV Bharat / state

Narayanpur Student Missing: সন্ধানহীন হৈ আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ

author img

By

Published : Jul 9, 2022, 10:38 PM IST

শুকুৰবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ ৷ বিহপুৰীয়ালৈ বৰযাত্ৰী হিচাবে যোৱা নাৰায়ণপুৰৰ ছাত্ৰজনৰ সন্ধান উলিয়াবলৈ এই পৰ্যন্ত সক্ষম হোৱা নাই আৰক্ষী-SDRF বাহিনী ৷

Narayanpur Student Missing
সন্ধানহীন হৈ আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ

বিহপুৰীয়া, 9 জুলাই: শুকুৰবাৰৰ নিশাৰে পৰা নিৰুদ্দেশ হৈ আছে লখিমপুৰৰ নাৰায়ণপুৰৰ এজন ছাত্ৰ ৷ বিহপুৰীয়াৰ ভোগদৈগুৰিলৈ বৰৰযাত্ৰী হিচাবে গৈ নিখোজ হৈ আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ চিত্ৰৰঞ্জন দত্ত(22) (Narayanpur student missing)।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ(Madhabdev University) ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰগৰাকীৰ ঘৰ নাৰায়ণপুৰৰ চৌধ্যপুনিয়াত ৷ গাঁৱৰে এজন লোকৰ বিয়াৰ বৰযাত্ৰী হিচাবে বিহপুৰীয়াৰ কইনাৰ ঘৰলৈ গৈছিল ছাত্ৰগৰাকী । নিশা কইনাৰ ঘৰত ভাত খোৱাৰ পিছৰে পৰাই নিখোজ হৈ আছে মেধাৱী ছাত্ৰগৰাকী । পুৱালৈকে ঘৰমুৱা নোহোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও ফোনত ছাত্ৰগৰাকীক যোগাযোগ কৰিবলৈ সক্ষম নহ’ল ৷

ঘটনা সন্দৰ্ভত বিহপুৰীয়া আৰক্ষী থানাত(Bihpuria police station) জনোৱাত SDRF ৰ দলৰ সহযোগত কইনা ঘৰৰ কেউফালৰ জলাশয়, পুখুৰীত ছাত্ৰজনৰ সন্ধান কৰে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰা নাই ৷ কোনো লোকে ছাত্ৰজনৰ সন্ধান লাভ কৰিলে 9365933346 অথবা 9101823697 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

লগতে পঢ়ক: Imported Pigs died of unknown diseases: লখিমপুৰত নৈত উটি আহিছে অচিন ৰোগত আক্ৰান্ত বহু মৃত গাহৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.