লখিমপুৰ, 19 ছেপ্তম্বৰঃ লখিমপুৰৰ সোৱণশিৰি নদীৰ পাৰত শতাধিক নৈপৰীয়া ৰাইজে শনিবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ জিলাখনৰ কদম ৰাজহ চক্ৰৰ ভীমপৰা মথাউৰিত অব্যাহত থকা সোৱণশিৰি নদীৰ কালৰূপী খহনীয়াৰ ফলত মাটি- ভেটি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক দৰিদ্ৰ পৰিয়াল ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে হাতে- হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলে বিজ্ঞানসন্মত ভাৱে খহনীয়া ৰোধৰ ব্যৱস্থা কৰা,খহনীয়াত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়া,ভূমিহীন প্ৰতিটো পৰিয়ালক ভূমি আৱন্টন দিয়াৰ দাবী উত্থাপন কৰে ৷
ৰাইজৰ অভিযোগ,স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খহনীয়া পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতিও অসাৰ প্ৰতিপন্ন হ'ল । তদুপৰি কেৱল মাত্ৰ ভোটৰ আশাত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী নৱ দলেয়ে খহনীয়া ৰোধৰ মিছা প্ৰতিশ্ৰুতি দি খহনীয়াগ্ৰস্ত ৰাইজক ঠগি আহিছে বুলিও অভিযোগ কৰে ৷
আনহাতে ক্ষোভিত নৈপৰীয়া ৰাইজে তেওঁলোকৰ দাবীসমূহ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পূৰণ নকৰিলে ৰাইজে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে ৷
লগতে পঢ়কঃবৰ্তমানলৈ শাৰদীয় বিশেষে ভুমুকি মৰা নাই গ্ৰন্থৰ বিপণীত