ETV Bharat / state

লখিমপুৰৰ ৰাজপথত এগৰাকী কিশোৰীক লৈ দুৰ্বাদল কাজিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 6:35 PM IST

মঙলবাৰে দুপৰীয়া লখিমপুৰৰ ৰাজপথত এগৰাকী কিশোৰীক দুই যুৱকৰ টনা-আঁজোৰাই এক চৰম উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰে ৷

street play to create awareness among people regarding child labour in lakhimpur
বাটৰ নাট
বাটৰ নাট

লখিমপুৰ, ৯ জানুৱাৰী : লখিমপুৰৰ ৰাজপথত মঙলবাৰে দুৰ্বাদল কাজিয়া । এগৰাকী কিশোৰীক লৈ দুই যুৱকৰ টনা-আঁজোৰা । সময় তেতিয়া দিনৰ প্ৰায় ১২ বাজিছে । হঠাৎ লখিমপুৰ নগৰৰ ৰাজপথত লাগিল হুৱা-দুৱা । তাকো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে । এগৰাকী পলাই অহা বনকৰা কিশোৰীক লৈ দুই যুৱকৰ টনা-আঁজোৰাৰ ফলত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ।

গৃহস্থৰ ঘৰৰ পৰা মনে মনে টকা লৈ বনকৰা কিশোৰী গৰাকী পলাই অহা বুলি দুই যুৱকে কিশোৰী গৰাকীক ধৰি চোঁচৰাই নিয়াৰ উপক্ৰম কৰে । এক হুলস্থূলীয়া পৰিৱেশত সকলো অবাক হৈ পৰে । তেনে সময়তে ঘটনাস্থলীত উপস্থিত হয় কেইবাগৰাকী সচেতন মহিলাৰ লগতে মহিলা সমিতিৰ বিষয়ববীয়া । তেওঁলোকে যুৱক কেইজনৰ হাতৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰি শিশুগৃহলৈ প্ৰেৰণ কৰাৰ ব্যবস্থা কৰে ।

আচম্বিতে ঘটা এই ঘটনাত সকলো অবাক হৈ পৰে যদিও পাচতহে ওলায় মূল ঘটনাটো কি ? আচলতে এইয়া আছিল এখন বাটৰ নাট । শিশু শ্ৰমিক বন্ধ কৰা আৰু বিদ্যালয় বৰ্হিভূত শিশুসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদেশ্যে এই নাটখন পৰিৱেশন কৰা হয় । অসম সৰ্বশিক্ষা মিছনৰ উদ্যোগত লখিমপুৰ সংগীত কাননে এই নাটখন পৰিৱেশন কৰে । নাটখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসহ বিভিন্ন শিক্ষা বিষয়া, জিলা প্ৰশাসনৰ ভালেখিনি বিষয়ববীয়াৰ লগতে ৰাইজে উপভোগ কৰে ।

সকলোৰে শিক্ষাৰ অধিকাৰৰ কথা ঘোষণা কৰাৰ পাচতো এতিয়াও বহু শিক্ষিত লোকে ঘৰত বনকৰা শিশু-কিশোৰ ৰাখে ৷ কিছুমানে কামৰ সমান্তৰালকৈ শিক্ষাৰ ব্যৱস্থা কৰি দিয়ে যদিও কিন্তু বহুতেই আনৰ শিক্ষাৰ কথা নাভাবে ৷ সেয়ে বহু শিশু আজিও বাদ পৰি ৰৈছে প্ৰাথমিক শিক্ষা গ্ৰহণৰ পৰা ৷ এনে পৰিপ্ৰেক্ষিতত মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এনে ধৰণৰ বাটৰ নাটৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক : চিমেন চাপৰিত পথ সুৰক্ষা সজাগতাৰ বাটৰ নাট প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.