ETV Bharat / state

ধুমুহাই তচনচ কৰিলে নাৰায়ণপুৰৰ বহু লোকৰ বাসগৃহ

সোমবাৰে নিশা নাৰায়ণপুৰত ধুমুহাৰ তাণ্ডৱ ৷ বিভিন্ন অঞ্চলত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱে বিস্তৰ ক্ষতিসাধন কৰে ৷

storm-in-narayanpur
ধুমুহাই তচনচ কৰিলে নাৰায়ণপুৰৰ বহু লোকৰ বাসগৃহ
author img

By

Published : Apr 27, 2021, 1:25 PM IST

বিহপুৰীয়া,27 এপ্ৰিল: বিধ্বংসী ধুমুহাৰ ফলত সোমবাৰে নিশা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত বিস্তৰ ক্ষতিসাধন হয় ৷ বহু বাসগৃহ, বিদ্যালয়-নামঘৰ আদিৰ টিনপাত উৰুৱাই নিলে ধুমুহাই ৷ তদুপৰি ধুমুহাত উভালি পৰিল কেইবাডালো প্ৰকাণ্ড গছ ৷ সোমবাৰে নিশা অঞ্চলটোত বহু পৰিয়ালে নিশা কটাবলগীয়া হ'ল উজাগৰে ৷ বিদ্যুৎ সংযোগ ব্যাহত হয় বহু ঠাইত ৷

ধুমুহাই তচনচ কৰিলে নাৰায়ণপুৰৰ বহু লোকৰ বাসগৃহ

উল্লেখযোগ্য যে, নাৰায়ণপুৰৰ বৰপথাৰ, ভোলাবৰী, দোৰপাং, বালিপুখুৰী, বালিপথাৰ, পুলিনাহৰণি, বৰচাপৰি, বিলতীয়াকে ধৰি বহু গাঁৱত ৰাইজ সন্মুখীন হয় বিস্তৰ ক্ষয়-ক্ষতিৰ ৷

লগতে পঢ়ক : থুঁতৰিত মাস্ক পিন্ধি মাস্ক বিতৰণ মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.