ETV Bharat / state

ছটাকৈ বিমান বন্দৰক ব্যক্তিগতকৰণৰ কুচকাৱাজ

author img

By

Published : Jul 3, 2021, 12:58 PM IST

কেন্দ্রই অচিৰে অসমৰ ছটাকৈ বিমান বন্দৰক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিব পাৰে । লোকচান ভৰাৰ অচিলাৰে এই বিমান বন্দৰ কেইটা ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ পৰিকল্পনা পোহৰলৈ অহাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ বহুকেইটা দল-সংগঠন ৷

six airports in Assam handover will be the private sector
ছটাকৈ বিমান বন্দৰক ব্যক্তিগত খণ্ড লৈ নিয়াৰ কুচকাৱাজ

লখিমপুৰ, 3 জুলাই : কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ বিভাগে দেশৰ লোকচানত চলি থকা বিমান বন্দৰসমূহৰ এখন তালিকা প্ৰস্তুত কৰিছে ৷ এই তালিকাত অসমৰ ছটাকৈ বিমান বন্দৰৰ নাম অন্তর্ভুক্ত হোৱাৰ খবৰে জোকাৰিছে সমগ্ৰ ৰাজ্য ৷ অসমৰ লখিমপুৰৰ লীলাবাৰী, ডিব্ৰুগড়ৰ মোহনবাৰী, কাছাৰৰ কুম্ভীৰগ্ৰাম, যোৰহাটৰ ৰৰৈয়া, তেজপুৰৰ শালনি, আৰু ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ নাম কেন্দ্রৰ লোকচানত থকা বিমান বন্দৰৰ তালিকাত স্থান পাইছে ।

তথ্য মতে, বিগত তিনিটা বছৰত এই ছটা বিমান বন্দৰৰ লোকচানৰ পৰিমাণ হৈছে 21,776 কোটি টকা । সেই অনুসৰি, লীলাবাৰী বন্দৰত 4,706 কোটি, মোহনবাৰীত 8,009 কোটি, কুম্ভীৰগ্ৰামত 45,59 কোটি, ৰৰৈয়াত 2,109 কোটি, শালনিবাৰীত 1,692 কোটি আৰু ধুবুৰীৰ ৰূপসী বিমান বন্দৰৰ লোকচানৰ পৰিমাণ হ'ল 62 কোটি টকা । এই ছটা বিমান বন্দৰৰ ভিতৰত সৰ্বাধিক মোহনবাৰী বিমান বন্দৰৰ লোকচান দেখুওৱা হৈছে 8,009 কোটি টকা ।

ইতিমধ্যে, কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ মন্ত্রী হৰদীপ সিং পুৰীয়ে লোকচানত চলি থকা বিমান বন্দৰসমূহ চৰকাৰে পৰিচালনা কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিছে । তাৰোপৰি কেন্দ্রীয় তালিকাখনৰ মতে লোকচানত চলা অসমৰ এই ছটা বিমানবন্দৰ ব্যক্তিগত খণ্ডলৈ যোৱাটো অৱধাৰিত হৈ পৰিছে । গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰটো কেইবছৰমানৰ আগলৈকে লোকচানত চলি আছিল যদিও বিগত দুবছৰ মানৰ পৰা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

তথাপি কেন্দ্রই এই বন্দৰটো আদানি গ্ৰুপৰ হাতত তুলি দিয়ে । বৰ্তমান লোকচানত চলি থকা এই ছটা বিমানবন্দৰকো ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে ৷ কেন্দ্ৰৰ এনে পদক্ষেপৰ তথ্য পোহৰলৈ অহাৰ পাচতে ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷

এই প্ৰসংগত আন আন সংগঠনসমূহৰ দৰে চোকা সমালোচনা কৰিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে । সমিতিৰ সভাপতি ৰূপজ্যোতি দত্তই কয়, কেন্দ্রই এনেদৰে কৌশলেৰে অসমৰ ছটাকৈ বিমান বন্দৰক ব্যক্তিগতকৰণ কৰাৰ বাবে চেষ্টা কৰিছে ৷ গতিকে এই প্ৰচেষ্টাক বিৰোধিতা কৰি চৰকাৰে সাহায্য প্ৰদান কৰি বন্দৰ কেইটা চৰকাৰৰ হাতত ৰখাৰ দাবী জনাইছে ।

লগতে পঢ়ক: ক'ত হেৰাল 50 লক্ষাধিক মূল্যৰ চাহপাত ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.