ETV Bharat / state

"আমাক কৰবালৈ লৈ যাওঁক নহলে মাৰি পেলাওক! - লখিমপুৰ জিলা

নাওবৈচাত শিঙৰা নদীৰ বান পৰিস্থিতিৰ জটিল ৰূপ। পহুমৰা-পকণীয়া সংযোগী গড় কাপ্তানি পথত বন্ধ যাতায়ত-ব্যৱস্থা। শিঙৰাৰ বানত অঞ্চলটোৰ 20 খন গাঁৱৰ অবৰ্ণনীয় পৰিস্থিতি। এমুঠি অন্নৰ বাবে হাহাকাৰ বন্যাতৰ ।

Singora River hits flood at Lakhmpur
"আমাক কৰবালৈ লৈ যাওঁক নহলে মাৰি পেলাওক!
author img

By

Published : Jun 8, 2020, 8:11 PM IST

নাওবৈচা, 8 জুন: কৰ'ণা ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ বিভীষিকা। লখিমপুৰ জিলাৰ নাওবৈচাৰ মাজেৰে বৈ যোৱা পাহাৰীয়া শিঙৰা নদীৰ পুনৰ তাণ্ডৱলীলা । সোমবাৰে পুনৰ অহা বানে অঞ্চলটোৰ বন্যাৰ্তৰ মাজত সৃষ্টি কৰে হাহাকাৰ পৰিস্থিতিৰ। যোৱা কেইদিনে অঞ্চলটোত বান পৰিস্থিতি কিছু উন্নতি হৈছিল যদিও নদীখনৰ উৎপত্তিস্থল অৰুণাচল প্ৰদেশৰ লগতে জিলাখনত দি থকা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিত পুনৰ সংহাৰ ৰূপ ধাৰণ কৰাৰ পাচত অনিশ্চয়তাৰ মাজলৈ ঠেলি নিয়ে বন্যাতৰ জীৱন ।

নাওবৈচাত শিঙৰা নদীৰ বান পৰিস্থিতিৰ জটিল ৰূপ

নদীখনৰ বানে সোমবাৰে অঞ্চলটোত জটিল পৰিস্থিতি সৃষ্টি কৰি পুনৰবাৰ বন্যাৰ্তৰ মাজলৈ অন্ধকাৰ নমাই আনিছে । নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত গোসাঁনীবাৰী,1নং গেলাহাটী,2 নং গেলাহাটী,চেঙেলীজান,আহোমনি,বৰগঞা-গেন্ধালি,বৰপথাৰ,ৰৌদোং,টকৌগুৰি আদিকে ধৰি 20 খন গাঁৱৰ পাঁচ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী,সা-সম্পত্তি নদীখনৰ বানে ডুবাই নিয়াত বানদুৰ্গত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ আতংকই বিৰাজ কৰিছে।

উল্লেখ্য যে,সোমবাৰে অহা বানত অঞ্চলটোৰ গোসাঁনীবাৰী গাঁৱৰ বহু পৰিয়ালৰ ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী হোৱাত পৰিয়াল সমূহে বিচনাৰ ওপৰত বাঁহ চাং সাজি কোনোমতে এসাঁজ খাই এসাঁজ লঘোণে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ইফালে পহুমৰা-পকণীয়া সংযোগী গড়কাপ্তানী পথৰ গেলাহাটী অঞ্চলত একঁকাল পৰ্যন্ত পানী হোৱাত ইতিমধ্যে পথটোৰে যাতায়ত বন্ধ হৈ পৰিছে ।

বানদুৰ্গত ৰাইজে যোৱা 20-25 বছৰে নদীখনৰ ধাৰাবাহিক বানৰ কৱলত পৰি সীমাহীন দুখ-কষ্টেৰে জীৱন অতিবাহিত কৰি আহিছে যদিও আজিলৈকে কোনো এখন চৰকাৰে নদীখনৰ বান সমস্যাটো সমাধান কৰিব নোৱাৰাত ক্ষোভেৰে "আমাক কৰবালৈ লৈ যাওঁক নহলে মাৰি পেলাওক,আমি এনেদৰে আৰু জীয়াই থাকিব নোৱাৰো" বুলি মন্তব্য প্ৰকাশ কৰে ।

আনহাতে অঞ্চলটোৰ বহু মীনপালনৰ পুখুৰী ডুবাই পেলোৱাত মীন পালকসকলৰ মাজতো হাহাকাৰ সৃষ্টি হৈছে এতিয়া । বানৰ ফলত এতিয়া বহু পৰিয়ালে বিশুদ্ধ খোৱা পানী আৰু এমুঠি অন্নৰ বাবেও যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । ইপিনে এই পৰ্যন্ত জিলা প্ৰশাসনে বানবিপন্ন অঞ্চলটো পৰিদৰ্শন কৰাই নাই বুলি অভিযোগ উত্থাপন হৈছে । বানত দিক বিদিক হেৰুৱা বানপীড়িত ৰাইজে জিলা প্ৰশাসনক পৰ্যাপ্ত খাদ্য সামগ্রী যোগান ধৰিবলৈ আহ্বান জনাইছে ।

লগতে চাওকঃ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত বাক্সাৰ বিটপাৰৰ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.