ETV Bharat / state

Second Phase of Gunutsav: বিহপুৰীয়াত গুণোৎসৱলৈ এজনীয়া শিক্ষকৰ প্ৰস্তুতি

বিহপুৰীয়াত এজন শিক্ষকেই চলাইছে গুণোৎসৱৰ প্ৰস্তুতি (Second Phase of Gunutsav)৷ ইয়াৰোপৰি বিদ্যালয়ৰ অতি দুৰ্বল আন্তঃগাঁথনি ৷ বৰষুণ আহিলেই হোৰাহোৰে পানী সোমায় বিদ্যালয় গৃহৰ ভিতৰত ৷ প্ৰতিকূল বতৰত ব্যাহত হয় শিক্ষাদান ৷

Second Phase of Gunutsav
বিহপুৰীয়াত গুণোৎসৱলৈ এজনীয়া শিক্ষকৰ প্ৰস্তুতি
author img

By

Published : May 23, 2022, 7:30 PM IST

বিহপুৰীয়া, 23 মে': ৰাজ্যত পহিলা জুনৰ পৰা হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱক(Second Phase of Gunutsav) লৈ বিহপুৰীয়াত একাংশ বিদ্যালয় কতৃপক্ষ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ বহু সংখ্যক প্ৰাৰ্থমিক বিদ্যালয় বৰ্তমান এজনীয়া শিক্ষকেৰে পৰিচালিত তথা শিক্ষাদান চলি আহিছে (Lack of teacher at Bihpuria)।

যি সময়ত পাঁচটা শ্ৰেণীৰ পাঠদান কেৱল এজন শিক্ষকেৰে চলি আহিছে, সেই সময়তে ৰাজ্যৰ গুণোৎসৱৰ সময়ত সেইসমূহ বিদ্যালয় বিমোৰত পৰা পৰিলক্ষিত হৈছে । তাৰ লগতে বিদ্যালয় গৃহৰ জৰাজীৰ্ণ তথা শোচনীয় অৱস্থাই আৰু অধিক সমস্যাৰ সৃষ্টি কৰিছে । তাৰে এখন বিদ্যালয় হ'ল বিহপুৰীয়াৰ আজলী আই আৰ্দশ প্ৰাৰ্থমিক বিদ্যালয় । বিদ্যালয়খনৰ টিনৰ চালিত ফুটা ওলোৱাৰ বাবে বিগত দুমাহে বৰষুণৰ বতৰত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব নোৱাৰি বিদ্যালয়খনৰ এচুকত ৰৈ থাকিবলগীয়া হয় শিক্ষক, ছাত্ৰ-ছাত্ৰী (Poor school infrastructure at Bihpuria)।

বিহপুৰীয়াত গুণোৎসৱলৈ এজনীয়া শিক্ষকৰ প্ৰস্তুতি

লগতে পাঁচটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এজন মাত্ৰ শিক্ষকে শিক্ষাদান কৰিব লগাটোৱেও যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত বিদ্যালয়খনৰ একমাত্ৰ শিক্ষকজনে বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত গুণোৎসৱৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক: APSC scam: 2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.