বিহপুৰীয়া, 29 নৱেম্বৰ : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যুৱ শ্বুটাৰ অসম সন্তান হৃদয় হাজৰিকাই(Shooter Hriday Hazarika) কেৰেলাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত(65th National Shooting Championship) ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাই হৃদয়ক ১৬-৮ পইন্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক লাভ কৰে ।
আনহাতে ব্ৰঞ্জৰ পদক অৰ্জন কৰে আমিৰ সন্দীপে । সোমবাৰে অনুষ্ঠিত হোৱা কোৱালিফিকেচন মেচত প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে ৬২৯.২ পইণ্ট অৰ্জন কৰি ফাইলত প্ৰৱেশ কৰে ।
উল্লেখ্য যে, ক'ৰনাত আক্ৰান্ত হোৱাৰ লগতে আৰু ভৰিৰ আঙুলিৰ আঘাতৰ বাবে যোৱা সময়চোৱাত হৃদয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল । বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শ্বুটাৰজনে নতুন দিল্লীৰ নেশ্যনেল চেন্টাৰ অব্ এক্সলেঞ্চত প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ তত্বাৱধানত অনুশীলন কৰি আছে ।
লগতে পঢ়ক : FIFA World Cup 2022 : এইবাৰ বিশ্বকাপৰ খেলপথাৰত উৰিল প্ৰতিবাদকাৰীৰ পতাকা