ETV Bharat / state

মাদ্ৰাছাত পঢ়িও চিকিৎসক হ’ব পাৰি : শ্বইফ আখতাৰ

শিক্ষা আহৰণ ক্ষেত্ৰত মাধ্যম কোনো ক্ষেত্ৰতে হেঙাৰ হ’ব নোৱাৰে ৷ আগ্ৰহ, একাগ্ৰতা থাকিলেই অসাধ্য কামো সহজ হৈ পৰে ৷ তাৰে উদাহৰণ দাঙি ধৰিছে নাওবৈচাৰ কুটুবপুৰৰ শ্বইফ আখতাৰে ৷ মাদ্ৰাছাত পঢ়িও চিকিৎসক হ’ব পাৰি মাদ্ৰাছাত পঢ়ি কোৰাণৰ হাফিজ হৈ NEET ত উজলিল নাওবৈচাৰ কুটুবপুৰৰ শ্বইফ আখতাৰ (Shaif Akhtar clears NEET examination 2022) ৷

author img

By

Published : Sep 9, 2022, 10:37 PM IST

Shaif Akhtar clears NEET examination 2022
মাদ্ৰাছাত পঢ়িও চিকিৎসক হ’ব পাৰি : শ্বইফ আখতাৰ

নাওবৈচা, ৯ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে ঘোষণা হ’ল NEET পৰীক্ষাৰ ফলাফল (NEET examination 2022) ৷ এইবাৰ NEET ত ৫৭০ নম্বৰ লাভ কৰি সফলতা লাভ কৰিলে লখিমপুৰৰ নাওবৈচাৰ কুতুবপুৰৰ শ্বইফ আখতাৰে । শ্বইফ আখতাৰ হৈছে মাদ্ৰাছাত NEET পৰীক্ষাত সফলতা লাভ কৰা এগৰাকী কৃৰ্তী ছাত্ৰ ৷

মাধ্যম যে শিক্ষা আহৰণ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিছে এইগৰাকী কৃৰ্তীমান ছাত্ৰই ৷ তথ্য অনুসৰি, ২০১২ চনৰ পৰা নগাঁৱৰ জুৰিয়াৰ আল আমিন ইছলামীক মিছন হাফিজীয়া মাদ্ৰাছাত অধ্যয়ন কৰি তিনি বছৰতে কোৰাণ মুখস্থ কৰি ‘হাফিজ’ সন্মান লাভ কৰিছিল ছাত্ৰগৰাকীয়ে ।

লখিমপুৰৰ ফতেহপুৰৰ SU অকাডেমীৰ পৰা ২০১৮ চনত ডিষ্টিংছনসহ উত্তীৰ্ণ হৈ জিনিয়াছ অকাডেমিৰ পৰা ২০২০ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হৈছিল । ইয়াৰ পিছতে আজমল চুপাৰ ৪০ ত (Ajmal Super 40 Scheme) অধ্যয়ন কৰি NEET ৰ প্ৰস্তুতি আৰম্ভ কৰিছিল ছাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক : মাদ্ৰাছা ভঙাসকলৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ আজমলৰ

উল্লেখ্য যে, অসম চৰকাৰে মাদ্ৰাছাসমূহত অল কায়দাৰ প্ৰশিক্ষণ দিয়া বুলি ইতিমধ্যে ভাঙি পেলোৱা হৈছে মাদ্ৰাছাসমূহ ৷ কিন্তু তেনে সময়তে মাদ্ৰাছাত অধ্যয়ন কৰি সৰ্ব ভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হৈ বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত তথা বান বিধ্বস্ত নাওবৈচালৈ গৌৰৱ কঢ়িয়াই অনা শ্বইফ আখতাৰৰ বাবে নাওবৈচাত বৈছে আনন্দৰ বন্যা ৷

আনহাতে, ২০২২ বৰ্ষৰ NEET পৰীক্ষাত আজমল চুপাৰ ৪০ ৰ ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ২০২২ ৰ NEET বাছনি পৰীক্ষাত আজমল সুপাৰ ৪০ ৰ শীৰ্ষ স্থান দখল কৰি স্বনৱাৰ হুছেইনে ৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ, জামাজ আখতাৰে ৬৩৮, নবিউল ইছলামে ৬৩৬, হবিবা ফিৰদৌচে ৬৩৫, ছাহিদ আহমেদে ৬৩৫, চাবা চামচাদে ৬৩১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ৫০ কেজি ওজনৰ কেক কাটি আজমল সুপাৰ ৪০ ত বিজয় উল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.