লখিমপুৰ, ২৩ আগষ্ট: জীৱনক সৌন্দর্যৰ সম্ভাৰেৰে সজ্জিত কৰি তোলাতো কাব্য-সাহিত্য-শিল্পৰ প্ৰাথমিক কাম । এই মন্তব্য় দিগন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আয়োজিত এক আলোচনা চক্রত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য় আগবঢ়াই অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই ।
তেওঁ পুনৰ কয় যে শিল্প সাহিত্যৰ জীৱনক সমৃদ্ধ কৰাৰ নিৰ্দিষ্ট লক্ষ্য আছে । অন্তৰাত্মাক প্ৰকাশ কৰা শিল্প সাহিত্যৰ অন্যতম উদেশ্য । কিন্তু আপোন পৰিচয়, সত্বাৰ সৈতে পৰিচয় কৰাৰ যি লক্ষ্য সেয়া কিন্তু এতিয়াও পূৰণ হোৱা নাই ।
কালি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সাহিত্য অকাডেমী আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত "অসমীয়া সাহিত্যত ৰাষ্ট্ৰীয়তাবাদ আৰু জাতিগত পৰিচয়" শীর্ষক আলোচনা চক্রত পৰিচয় ভাষণ প্ৰদান কৰি অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই এনেদৰে কয়।
তেওঁ জাতীয়তাবাদৰ প্ৰসংগ উত্থাপন কৰি কয় যে জাতীয়তাবাদ নৱ জীৱনৰ উন্মেষ । ঔপনিবেশিক শাসনৰ সময়ত ভাৰতীয় শক্তি, চিন্তাৰ পুনৰুত্থান ঘটিছিল । "বন্দে মাতৰম" শব্দ দুটাই সমগ্র জাতিক প্ৰভাৱিত কৰিছিল । নৱ জীৱনৰ স্পন্দন ৰূপে পৰিগণিত হৈছিল বন্দে মাতৰম ।
তেওঁ পুনৰ কয় যে অতীতৰ প্ৰতি পুনৰ দৃষ্টিপাত আৰু অৰ্থ নৈতিক শোষণৰ ফলতে নৱ জীৱনৰ উন্মেষ ঘটিছিল । অসমত লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা জ্যোতিপ্রসাদ আদি বৰেণ্য ব্যক্তিৰ অৱদানে নৱ চিন্তা ৰ উন্মেষ ঘটাইছিল । তেওঁ কয় যে প্ৰাদেশিক জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ আচলতে সমাৰ্থক । ভাৰতত এক ধৰণৰে ৰাষ্ট্ৰীয়তাবাদ নাই । ই বিভক্ত । ভাৰতত বৈদিক যুগৰ পৰাই এনে ধৰণৰ চিন্তা চৰ্চা, ধ্যান ধাৰণা চলি আহিছে বুলিও তেওঁ কয় ।
শেহতীয়াকৈ ব্যক্তিগত আবেগিক কাৰণত তেওঁ সাহিত্য অকাডেমীৰে জৰিত হোৱা বুলি উল্লেখ কৰি কয় যে সাহিত্য অকাডেমীৰ মঞ্চত যিসকল লোক উপেক্ষিত হৈ আছে সেই সকল লোকক যথাযোগ্য মর্যাদা দিয়া হ'ব । এই মঞ্চক পাঠকেও সন্মান পাব আৰু তাৰ বাবে তেওঁ কাম কৰি যাব বুলি কয় ।
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই সঞ্চালনা কৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক ফনীন্দ্ৰকুমাৰ দেৱ চৌধুৰীয়ে । ভাষণত তেওঁ কয় যে প্ৰেমৰ বাদে জাতীয়তাবাদ আন একো নহয় । দেশ প্ৰেম, জাতিৰ প্ৰেম আদি নিহিত হৈ থাকে জাতীয়তাবাদত । জাতীয়তাবাদত ত্যাগ থাকে । সংকল্প থাকে । জাতিটোক গঠন কৰি উচ্চ স্তৰলৈ নি বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিয়াৰ হাবিয়াস থাকে । সাহিত্যৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে ইংৰাজীতকৈ অসমীয়া ভাষা বেছি শক্তিশালী ।
তেওঁ কয় যে সাহিত্যৰ পৰা ক্ষতিকৰ দিশসমূহ আঁতৰাব লাগিব । সাহিত্যক সকলো স্তৰৰ লোকৰ ওচৰলৈ নিব লাগিব । ইতিমধ্যে নৃগোষ্ঠীয় বহু জাতি জনজাতিক সাহিত্যৰ পাতত ঠাই দিয়া হৈছে । তথাপি এতিয়াও এনে বহু নৃগোষ্ঠী বাদ পৰি আছে । সেয়া তেওঁলোকৰ প্ৰতি বিদ্বেষ নহয় । অজ্ঞতাৰ বাবেহে বাদ পৰি ৰোৱা বুলি তেওঁ কয় । তেনে জনগোষ্ঠী সমূহৰ বিষয়ে লিখিব লাগে, গৱেষণা কৰিব লাগে বুলি তেওঁ অনুভৱ প্ৰকাশ কৰে । অসমীয়া সাহিত্যত ভবিষ্যত মুখী এটা গৱেষণা হ'ব লাগে বুলি মত পোষণ কৰে বিশিষ্ট উপন্যাসিকগৰাকীয়ে ।
এই অনুষ্ঠানটোত আদৰণি ভাষণ প্রদান কৰে কলকতা সাহিত্য অকাডেমীৰ আঞ্চলিক সম্পাদক দেবেন্দ্র কুমাৰ দেবেশে । শলাগ জনায় লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা হৰিণী পাটোৱাৰী দাসে । অনুষ্ঠানটোৰ পৰৱৰ্তী সত্ৰ সমূহ সঞ্চালনা কৰে সত্যকাম বৰঠাকুৰ আৰু মাধুর্য মণ্ডিত বৰুৱাই । এই সত্ৰ সমূহত গৱেষণা পত্র পাঠ কৰে ড৹ অৰবিন্দ ৰাজখোৱা,ড৹ বেদব্ৰত মিশ্ৰ,ড৹ বিভা দত্ত,ড৹ জ্যোতিস্মৃতা শৰ্মা আদিয়ে ।
লগতে পঢ়ক:Manipur:মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ মহানগৰীত ৰাজহুৱা সভা