ETV Bharat / state

ভাস্কৰ্য শিল্পৰ জৰিয়তে স্বাৱলম্বী হৈছে লেটেকুপুখুৰীৰ বুলবুল

author img

By

Published : Dec 31, 2020, 6:13 PM IST

শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটকুপুখুৰীৰ বুলবুল বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে শংকৰদেৱ আৰু মাধবদেৱৰ অনুপম সৃষ্টি ভাওনাৰ চৰিত্ৰ সমূহ ৷

ভাস্কৰ্য শিল্পৰ জৰিয়তে স্বাৱলম্বী হৈছে লেটেকুপুখুৰীৰ এজন যুৱক

বিহপুৰীয়া, 31ডিচেম্বৰঃ এগৰাকী ভাস্কৰ্য শিল্পী । শিক্ষিত যুৱকজনে বিগত কেইবাটাও বছৰৰ পৰা ব্ৰতী হৈ আছে শিল্প সাধনাত। শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটকুপুখুৰীৰ বুলবুল বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে শংকৰদেৱ আৰু মাধবদেৱৰ অনুপম সৃষ্টি ভাওনাৰ চৰিত্ৰ সমূহ ৷

উল্লেখযোগ্য যে, শিল-বালি চিমেণ্টেৰে বুলবুল বৰুৱাৰ নিপুন হাতৰ পৰশত প্ৰাণ পাই উঠিছে জয়-বিজয়, হনুমান, গৰুড়পক্ষী, অনন্তশয্যা, বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ লগতে সত্ৰ নামঘৰত স্থাপন কৰা বিভিন্ন ধৰণৰ মূৰ্তি । এই শিল্প সাধনাত ব্ৰতী হৈ জীৱন আৰু জীৱিকাৰ পথ হিচাপে ভাস্কৰ্য শিল্পকে বাছি লৈছে বুলবুল বৰুৱাই । অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ লগতে অৰুণাচল প্ৰদেশৰ ইটানগৰ, নাহলগুনৰ বিভিন্ন ঠাইত বুলবুল বৰুৱাই নিৰ্মাণ কৰা মূৰ্তি সমূহ দেখা যায় । বুলবুল বৰুৱাই নিজৰ এই শিল্প সাধনাৰ জৰিয়তে এতিয়া সক্ষম হৈছে বহুতৰ সমাদৰ বুটলিবলৈ ।

লগতে পঢ়কঃ এ আই ইউ ডি এফে নস্যাৎ কৰিলে মাৰ্কাজুল মাৰিফৰ সৈতে সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.