বিহপুৰীয়া,2 নৱেম্বৰ: সম্পূৰ্ণ 8 মাহৰ অন্তত সোমবাৰৰ পৰা খুলিলে ৰাজ্যৰ বিদ্যালয় সমূহ ৷ সম্পূৰ্ণ ক’ভিড প্ৰটক’লৰ মাজেৰে আৰম্ভ হ’ল বিদ্য়ালয় সমূহৰ পাঠদান ৷ কিন্তু বিদ্যালয় খোলাৰ প্ৰথম দিনটোতেই অংশগ্ৰহণ কৰিব নোৱাৰিলে নাৰায়ণপুৰৰ খেৰাজখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৷ দীৰ্ঘদিনৰ মুৰত পাঠদান কৰিবলৈ অহা শিক্ষক শিক্ষয়িত্ৰীসকলো বিদ্যালয়ৰ গেটৰ পৰাই উভতি যাব লগীয়া হ’ল ৷ বিদ্যালয়ত চেনিটাইজ নকৰাৰ ফলত গেটৰ সন্মুখৰ পৰাই উভতিব লগা হ’ল শিক্ষক তথা শিক্ষাৰ্থী৷ বিদ্যালয়খনৰ লগতে থকা লখিমপুৰ পলিটেকনিকত আছিল কভিড-১৯ চিকিৎসা কেন্দ্ৰ ৷ যাৰ বাবে বিদ্যালয়গৃহটো ব্যৱহাৰ কৰা হৈছিল ৷
প্ৰধান শিক্ষকে প্ৰশাসনৰ লগত যোগাযোগ কৰাত চেনিটাইজ কৰিবলৈ কেমিকেলৰ যোগান ধৰাৰ কথা বিদ্যালয় কৰ্তৃপক্ষক কৈছিল ৷ কিন্তু প্ৰধান শিক্ষকে ইয়াৰ দায়িত্ব নোলোৱাৰ বাবেই চেনিটাইজ কৰোৱা নহ’ল ৷ যাৰ বাবে আজিৰ দিনটোতেই বন্ধ হৈ থাকিল বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰ ৷ এয়া প্ৰধান শিক্ষকৰ গাফিলতি নে প্ৰশাসনৰ গাফিলতি সেয়া লক্ষণীয় হ’ব ৷ বিদ্যালয় খোলাৰ প্ৰথম দিনটোতেই ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল গেটৰ পৰাই উভতিব লগা হোৱাত দুখ প্ৰকাশ কৰিছে সকলোৱে ৷
লগতে পঢ়ক: সোমবাৰৰ দিনটোলৈ ভাৰতত কৰ'ণা সংক্ৰমিত সৰ্বমুঠ 82,29,313 গৰাকী লোক