লখিমপুৰ,১১ জুলাই: সত্ৰীয়া সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰা সংগীত সত্ৰই এই ক্ষেত্রত অৱদান আগবঢ়োৱা লোকক সন্মানিত কৰি আহিছে । শেহতীয়াকৈ লখিমপুৰৰ নমিতা বৰুৱা ভূঞাক সংগীত সত্ৰই 'সংগীত ভাস্বৰ' বঁটা প্ৰদান কৰিছে (Sangeet vaswar award)।
সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ হকে আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ' সংগীত ভাস্বৰ' বঁটা । লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে তিনিদশক ধৰি সত্ৰীয়া সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি আহিছে নমিতা বৰুৱা ভূঞাই (Lakhimpur Satriya Sangeet Vidyalaya)। তেওঁক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সংগীত সত্ৰই "সংগীত ভাস্বৰ" বঁটা প্ৰদান কৰে । এই বঁটাত আছে প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, স্মাৰক আদি । সত্ৰীয়া সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি অহা নমিতা বৰুৱা ভূঞাৰ এই সন্মান প্ৰাপ্তিত লখিমপুৰৰ ৰাইজে আদৰণি জনাইছে ।
লগতে পঢ়ক:Assam CM to visit Hojai: হোজাইৰ বানৰ পৰিস্থিতি বুজ ল’বলৈ যাব মুখ্যমন্ত্ৰী