লখিমপুৰ, 4 ছেপ্টেম্বৰ : ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ মানেই যেন যমদূত ৷ প্ৰতিদিনেই পথ দুৰ্ঘটনা ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাৰ ফলত বহুলোকৰ মৃত্যু হোৱাৰ ওপৰিও চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহু ব্যক্তি ৷
লখিমপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন নৈশ বাছৰ সৈতে এখন বলেৰ’ পিক আপ ভানৰ মুখামুখি সংঘর্ষৰ ফলত 2 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ এই ভয়ংকৰ দুৰ্ঘটনাত দুয়োখন গাড়ী ক্ষতিগ্রস্ত হয় ৷ লখিমপুৰৰ লামুগাঁৱত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো ৷
ঘটনাৰ বিৱৰণী অনুসৰি, লখিমপুৰ নগৰ অতিক্রম কৰি ধেমাজিৰ দিশত লামুগাঁও নামৰ অঞ্চলটোত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শিলিগুৰিৰ পৰা চিলাপথাৰলৈ গৈ থকা নিউ চেনক' নামৰ নৈশ বাছখনৰ লগত এখন বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষত বলেৰ' পিক আপ ভানৰ চালক সহ ২ জনৰ অৱস্থা সংকটজনক হৈ পৰে। আনহাতে এই দুৰ্ঘটনাত বাছখনৰ কোনোলোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰস্ত হোৱা নিউ চেনক' নামৰ নৈশ বাছখনৰ নম্বৰ WB 73B 0391,আৰু বলেৰ' পিক আপ ভান খনৰ নম্বৰ-AS 32 C 2178। বাছ খনৰ চালকৰ মতে বলেৰ’ পিক আপ ভানখনে বাছখনৰ আগত অগা দেৱা কৰাৰ বাবে ই এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে।
উল্লেখ্য যে, শিলিগুৰিৰ পৰা চিলাপথাৰলৈ যোৱা নৈশ বাছখনত দুৰ্ঘটনাৰ সময়ত কোনো যাত্ৰী নাছিল। পথত যাত্ৰী নামি অন্ত হোৱাৰ বাবে খালী বাছখনহে চিলাপথাৰলৈ গৈ আছিল। দুৰ্ঘটনাৰ সময়ত বাছখনত যাত্ৰী নথকা বাবে বাছখনৰ কোনো লোক আহত নহ’ল। আনহাতে এই দুৰ্ঘটনাত আহত হোৱা দুজনক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়ক: Bajali Supari Syndicate: বহু ধনৰ লোভে যদি মানুহ পাহৰায় ! ডি এছ পি পুস্কল গগৈক গ্ৰেপ্তাৰ