ETV Bharat / state

গাঁঠিৰ ধন ব্যয়েৰে পথ মেৰামতি কৰিলে নাওবৈচাৰ চুমণিবাসীয়ে - পথটোৰ জৰাজীৰ্ণ অৱস্থা

জৰাজীৰ্ণ পথেৰে যাতায়াত কৰি অতিষ্ঠ হৈ পৰিছে নাওবৈচাৰ চুমণি গাঁৱৰ ৰাইজ । বিধ্বস্ত পথ মেৰামতিৰ বাবে স্থানীয় বিধায়ক,বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই নিৰাশ হ'ল গাঁওবাসী । উপায়হীন হৈ ৰাইজে নিজেই মেৰামতি কৰিলে বিধ্বস্ত পথ ।

গাঁঠিৰ ধন ব্যয়েৰে পথ মেৰামতি কৰিলে নাওবৈচাৰ চুমণিবাসীয়ে

author img

By

Published : Feb 10, 2021, 5:32 PM IST

নাওবৈচা, ১০ ফেব্ৰুৱাৰী: স্বাধীনতা ৭৩ বছৰ পাছতো উন্নয়নৰ নামত লখিমপুৰ জিলাৰ নাওবৈচাৰ চুমণি গাঁৱৰ মূল পথটো নিৰ্মাণ নহ'ল । বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো গাঁওবাসীৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিলে স্থানীয় বিধায়ক আৰু চৰকাৰে । অৱশেষত ৰাইজে হাতে-কামে লাগি মেৰামতি কৰিছে শিঙৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত চুমণি গাঁৱৰ জৰাজীৰ্ণ পথটো। বছৰ-বছৰ ধৰি বিধ্বস্ত পথটোৰ বাবে হাৰাশাস্তি ভুগি আহিছিল স্থানীয় ৰাইজে ৷

গাঁঠিৰ ধন ব্যয়েৰে পথ মেৰামতি কৰিলে নাওবৈচাৰ চুমণিবাসীয়ে
গাঁঠিৰ ধন ব্যয়েৰে পথ মেৰামতি কৰিলে নাওবৈচাৰ চুমণিবাসীয়ে

এজাক বৰষুণতে পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে ৷ কেৱল এয়াই নহয়, পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বহু লোক দুৰ্ঘটনাত পতিত হৈ আহত হ'বলগীয়া হৈছে । কিন্তু সমস্যাজৰ্জৰ অঞ্চলৰ কথা ভাৱিবলৈ আহৰি নাই বিধায়কৰ । উপায়হীন হৈ ৰাইজে নিজেই ওলাই আহিল পথ মেৰামতিৰ বাবে। এতিয়া গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিছে ৰাইজে । গাঁওখনৰ ৰাইজে মঙলবাৰে প্ৰতিটো পৰিয়ালৰ পৰা দান বৰঙণি সংগ্ৰহ কৰে ৷

ৰাইজৰ বৰঙণিৰ প্ৰায় ৩০ হাজাৰ টকা ব্যয় কৰি চেণ্ড-গ্ৰেভেলৰে পথটো মেৰামতি কৰে । নিৰ্বাচনৰ সময়ত ভোট খুজিবলৈ অহা জনপ্ৰতিনিধিয়ে নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবেই ৰাইজে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিব লগীয়া হৈছে বুলি অভিযোগ তোলে গাঁওবাসীয়ে । অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ সু-ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়ক ইমদাদুল হক চৌধুৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক পুনৰ আহ্বান জনাইছে গাঁওবাসীয়ে ৷ অন্যথা সমাগত বিধানসভা নিৰ্বাচনত গাঁওখনলৈ ভোট ভিক্ষা কৰিবলৈ অহা প্ৰতিজন প্ৰাৰ্থীকে পহু খেদা দিব বুলিও ৰাইজে সকিয়াই দিয়ে ।

লগতে পঢ়ক:কৰিমগঞ্জৰ মৈনা গাঁও পঞ্চায়তত দলঙৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.