লখিমপুৰ,১৩ মাৰ্চ : লখিমপুৰ জিলাৰ বহু অঞ্চলে এতিয়াও উন্নয়নৰ পোহৰ দেখা নাই । অতি ভিতৰুৱা অঞ্চলৰ কথাটো দূৰৰে কথা জিলাখনৰ গুৰুত্বপূৰ্ণ অঞ্চলো উন্নয়নৰ পৰা বঞ্চিত হৈ আছে । বিশেষকৈ জাপি সজীয়া অঞ্চলটো দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছে (Lack of development in Lakhimpur)। যাৰবাবে অঞ্চলটোৰ বাটপথৰ অৱস্থা অতি পুতৌ লগা হৈ পৰিছে ।
লক্ষণীয়ভাৱে এই অঞ্চলটোত আছে কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় । জিলাখনৰ বন সংমণ্ডলৰ মুখ্য কাৰ্যালয়, সামাজিক বনানিকৰণৰ জিলা কাৰ্যালয়, ভূমি সংৰক্ষণ বিভাগৰ জিলা কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ লগতে ভাৰতীয় খাদ্য নিগমৰ উত্তৰ লখিমপুৰ কেন্দ্র আছে অঞ্চলটোত । কিন্তু কাৰ্যালয়কেইটা সংযোগ কৰা পথটোৰ দুৰৱস্থা দেখিলে আপুনিও আচৰিত হ'ব (Poor transportation in Lakhimpur)।
খৰাং বতৰত পথটোত দ গাঁতৰ লগতে ধূলিয়ৰি হৈ থাকে । আনহাতে এজাক বৰষুণ দিলেও একাঠু পৰ্যন্ত বোকাৰে ভৰি থাকে পথটো । যিটো পথেৰে যাতায়াত কৰাটো একপ্ৰকাৰ তীব্ৰ প্ৰত্যাহ্বান হৈ পৰে পথচাৰীৰ বাবে । নগৰৰ পৰা পানী গাঁও সংযোগী কমলাবাৰী পথৰ পৰা জাপি সজীয়াত সোঁদিশে সোমাই যোৱা প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰে নিতৌ হাজাৰ হাজাৰ লোকে যাত্ৰা কৰে ।
পিছে ইমান গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ বাবে এতিয়া সমস্যাত পৰিছে অঞ্চলটোৰ লোকসকল । দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত পথটোৰ ঠাই বিশেষে পাহাৰৰ দৰে ওখোৰা-মোখোৰা দ গাঁতেৰে ভৰি পৰিছে । গাঁতৰ প্ৰকোপত দুচকীয়া বাহনৰ আৰোহী প্ৰায়েই দুৰ্ঘটনাত পতিত হ'বলগীয়া হয় । উল্লেখ্য যে বাৰিষা কালত পথটোৰ অৱস্থা অতি ভয়ংকৰ হৈ পৰে । দ' গাঁতসমূহত একাঠু পৰ্যন্ত বোকা পানীৰে ভৰি পৰে ।
পথটোৰে খোজকাঢ়ি যোৱাটো দূৰৰে কথা যান-বাহনৰ চলাচলো বিপদজনক হৈ পৰে । জিলা সদৰৰ গাতে লাগি থকা তথা পাঁচটাকৈ জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ক সংযোগ কৰা এই অতি গুৰুত্বপূর্ণ পথটো কিয় দীর্ঘদিনে মেৰামতি কৰা হোৱা নাই সেইয়া এতিয়া ডাঙৰ প্ৰশ্ন (Road condition in Lakhimpur)।
পথটোৰ এনে অৱস্থাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠনসমূহ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু শীঘ্ৰে পথটোৰ মেৰামতিৰ দাবী জনাইছে (AJYCP slams Assam Govt)। অন্যথা আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।
লগতে পঢ়ক :Road accident in Guwahati: নাৰেংগী ভি আই পি পথত নলাত সোমাল বাহন