ETV Bharat / state

দীৰ্ঘা নৈৰ অবৈধ খনন বন্ধৰ দাবীত ৰাইজৰ প্ৰতিবাদ - লখিমপুৰৰ দীৰ্ঘা নদী

দীৰ্ঘা নদীৰ অবৈধ খননৰ ফলতত মাটি-ভেটিক লৈও সংশয় নামি আহিছে নৈপৰীয়া গাঁওবাসীলৈ ৷ সেয়ে নদীখনৰ কাষৰীয়া দুখন গাঁৱৰ দুই শতাধিক পুৰুষ মহিলা ওলাই আহি খননকাৰ্য বন্ধ কৰিবলৈ তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বেও স্থানীয় ৰাইজে ওলাই গৈ দীৰ্ঘা আৰু শুকানজুলিত চলি থকা খনন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছিল ৷

Lakhimpur's Dirgha river
দীৰ্ঘা নৈৰ অবৈধ খনন
author img

By

Published : Jul 28, 2020, 5:35 PM IST

নাওবৈচা,২৮ জুলাই: লখিমপুৰ জিলাৰ অন্তৰ্গত দীৰ্ঘা নদীত চলি থকা খননৰ বিৰোধিতে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ জিলা বন বিষয়াৰ আশীৰ্বাদপুষ্ট বন মাফিয়াই জিলাখনৰ কেবাখনো নদীত অবৈধ খনন চলাই আহিছে ৷ ফলত বনজ সম্পদৰ লুণ্ঠনৰাজ চলাই কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে পাৰিপাৰ্শ্বিকতালৈ ভাবুকি কঢ়িয়াই আনিছে ৷ লগতে নৈসমূহৰ বুকুত অবৈধ ভাৱে চলি থকা খননৰ ফলত সমীপৱৰ্তী গাওঁবোৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। সেয়ে সোমবাৰে লখিমপুৰ জিলা বনবিভাগৰ অধীনৰ কাকৈ সংৰক্ষিত বন খণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ দীৰ্ঘা নদীত চলি থকা খননৰ বিৰোধিতা কৰে ৰাইজে ৷

দীৰ্ঘা নৈৰ অবৈধ খনন বন্ধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ইয়াৰোপৰি দীৰ্ঘা নদীৰ অবৈধ খননৰ ফলতত মাটি-ভেটিক লৈও সংশয় নামি আহিছে নৈপৰীয়া গাঁওবাসীলৈ ৷ সেয়ে নদীখনৰ কাষৰীয়া দুখন গাঁৱৰ দুই শতাধিক পুৰুষ মহিলা ওলাই আহি খননকাৰ্য বন্ধ কৰিবলৈ তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বেও স্থানীয় ৰাইজে ওলাই গৈ দীৰ্ঘা আৰু শুকানজুলিত চলি থকা খনন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছিল ৷
লগতে পঢ়কঃ বিদেশী ন্যায়াধীকৰণত নিযুক্তিৰ দাবীৰে ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

কিন্তু স্থানীয় ৰাইজৰ প্ৰতিবাদক অংগুষ্ঠ দেখুৱাই বন মাফিয়াই নিজ মইমতালিৰে নৈ দুখনত অবৈধভাৱে দৈনিক পাঁচ ছয়খন এক্সভেটৰ ব্যৱহাৰ কৰি শ শ ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰৰে শিল বালিৰ সৰবৰাহ কৰি আহিছে । এনেদৰে নৈ দুখনৰ পাৰ খান্দি চলাই থকা খননৰ ফলত ভৰ বাৰিষা খহনীয়াৰ সৃষ্টি হৈ গাঁওসমূহলৈ ভাবুকি কঢ়িয়াই আনে ৷ কিন্তু এই ক্ষেত্ৰত কোনো কাণসাৰ নাই প্ৰশাসন কিম্বা বিভাগীয় কতৃপক্ষৰ ৷

সেয়ে খাটিখোৱা লোকৰ প্ৰতিবাদক অগ্ৰাহ্য কৰা তথা প্ৰতিবাদ কৌশলেৰে দমন কৰি ৰাখিবলৈ চেষ্টা কৰা এই বন মাফিয়া আৰু জিলা বনবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত কৰি শীঘ্ৰে দীৰ্ঘা খনন বন্ধ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাঙত মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.