লখিমপুৰ,৪ ছেপ্টেম্বৰ: সীমা সমস্যা সমাধানৰ নামত অসমৰ ভূমি অৰুণাচলক গতাই দিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে লখিমপুৰবাসী(Assam Arunachal Border Demarcation Issue) । লখিমপুৰৰ দুলুং বনাঞ্চলৰ এক ইঞ্চি ভূমিও অৰুণাচলক এৰি নিদিয়াৰ হুংকাৰ লখিমপুৰীয়া ৰাইজৰ । দেওবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাত ৰাইজে অৰুণাচলৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে(Lakhimpur People against handing over land) ।
দুলুং সংৰক্ষিত বনাঞ্চল ৰক্ষাৰ স্বাৰ্থত দেওবাৰে লখিমপুৰৰ কণানদীত এখন বিশাল জন জাগৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাত ৰাইজে অৰুণাচলক এক ইঞ্চি ভূমিও এৰি নিদিয়াৰ সংকল্প গ্ৰহণ কৰে । লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ চিয়া নাহৰৰ বাবে এছিয়া বিখ্যাত দুলুং সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰা আৰু অসম অৰুণাচলৰ সীমা সমস্যা সম্পৰ্কত দেওবাৰে কণানদীৰ স্বৰ্ণশ্ৰী কৃষ্টি সংঘৰ প্ৰাংগনত এখন বিশাল জন-জাগৰণ সভা অনুষ্ঠিত হয় ।
উল্লেখযোগ্য যে শেহতীয়াকৈ অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ নামত অসম চৰকাৰে ৯,৯০০ হেক্টৰ ভূমিৰে আৱৰি থকা দুলুং সংৰক্ষিত বনাঞ্চলক ৯,৭০০ হেক্টৰ ভূমি অৰুণাচলক গতাই দিবলৈ যো-জা কৰাৰ বিৰুদ্ধে এই জন-জাগৰণ সভা অনুষ্ঠিত হয় (Resolving Assam Arunachal border disputes)। সভাত দল-সংগঠন, ৰাইজে অৰুণাচলক এক ইঞ্চি ভূমিও এৰি নিদিয়াৰ সংকল্প গ্ৰহণ কৰে । মুখ্যমন্ত্ৰী, বনমন্ত্ৰীক সীমা পৰিদৰ্শন কৰিহে সিদ্ধান্ত লবলৈ দাবী জনাই জনজাগৰণ সভাই । প্ৰয়োজনত অৰুণাচলৰ বিৰুদ্ধে সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধ কৰাৰ সিদ্ধান্তও সভাই গ্ৰহণ কৰে ।
লগতে পঢ়ক: খগেন গগৈ-বিপুল চেতিয়া ফুকনক কণ্ঠ শিৰোমণি আৰু কণ্ঠ সুধামৃত উপাধি