ETV Bharat / state

জন প্ৰতিনিধিয়ে নুশুনে: গাঁঠিৰ ধনেৰে ৰাইজে নিজেই সাজিলে দলং - ৰাইজে নিজেই সাজিলে দলং

স্বাধীনতা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো উন্নয়নৰ মুখ দেখিবলৈ নাপালে নাওবৈচা সমষ্টিৰ অন্তৰ্গত ৰৌদোং-বৰপথাৰ আৰু বৰছলা গাঁৱৰ ৰাইজে ৷ চৰকাৰ কিম্বা জনপ্রতিনিধিলৈ আৰু ভৰসা নকৰি নিজা দান-বৰঙণিৰে শিঙৰা নদীৰ ওপৰত দলং সাজিলে ৰাইজে (Public made bridge in Naoboicha) ৷

Public made bridge in Naoboicha
Public made bridge in Naoboicha
author img

By

Published : May 30, 2022, 9:03 PM IST

নাওবৈচা, ৩০ মে' : লখিমপুৰ জিলাৰ ১১০ নং নাওবৈচা সমষ্টিৰ অন্তৰ্গত ৰৌদোং-বৰপথাৰ আৰু বৰছলা গাঁৱৰ ৰাইজে এই একবিংশ শতিকাতো দেখিবলৈ নাপালে উন্নয়নৰ মুখ । প্ৰাকৃতিক প্ৰতিকূলতা, ৰজাঘৰীয়াৰ চূড়ান্ত অৱহেলা তথা জনপ্ৰতিনিধিৰ প্ৰতাৰণাৰ প্ৰৱঞ্চনাৰ বাবেই দুয়োখন গাঁৱৰ প্রায় তিনি শতাধিক পৰিয়ালে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে যাতায়াত, চিকিৎসা, শিক্ষা আদিৰ ক্ষেত্ৰত । গাঁও দুখনৰ মাজেদি পাৰ হৈ যোৱা শিঙৰা নদী আৰু বিধ্বস্ত বাট-পথৰ ফলত বাৰিষাত গাঁও দুখনৰ ৰাইজে প্ৰায়ে কটাব লাগে গৃহবন্দীৰ দৰে জীৱন ।

উল্লেখযোগ্য যে, স্বাধীনতা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো শিঙৰা নদীৰ ওপৰত নিৰ্মাণ নহ’ল দ্বিতীয় অথবা এখন বিকল্প পকী দলং (No bridge on Shingora river) । শিঙৰা নদীৰ ওপৰত দ্বিতীয় তথা বিকল্প এখন পকী দলং নিৰ্মাণ কৰিবলৈ বিভিন্ন সময়ত বিধায়ক, সাংসদ তথা পঞ্চায়ত প্রতিনিধিক আবেদন-নিবেদন কৰি অহাৰ পিছতো আজিকোপতি কোনোধৰণৰ সঁহাৰি নাপালে ৰাইজে ।

ৰাইজে নিজেই সাজিলে দলং

যাৰ ফলত গাঁও দুখনৰ ৰাইজে কেতিয়াবা একাঁঠু, একঁকাল আৰু কেতিয়াবা এডিঙি পানী সাঁতুৰি হ’লেও অব্যাহত ৰাখিব লগীয়া হৈছে বহিঃজগতৰ সৈতে যোগাযোগ (Pathetic connectivity in Naoboicha)।

ইফালে গাঁও দুখনৰ কণ কণ ছাত্র-ছাত্রীসকল শিঙৰা নদীৰ আনটো প্ৰান্তত থকা বৰচলা বহুমুখী হাইস্কুল, বৰচলা বজাৰ এমি স্কুল, বৰচলা প্ৰাথমিক স্কুললৈ দৈনিক বিপদ সংকুলভাৱে যাবলগীয়া হোৱাত চিন্তিত হৈ পৰিছে অভিভাৱক তথা ৰাইজ । যাৰ ফলত বাৰিষা পানী বাঢ়িলে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ যোৱাৰ পথ বন্ধ হৈ পৰে ।

আনহাতে গাঁৱখনৰ বিধ্বস্ত বাট-পথ, শিঙৰা নদীৰ ওপৰত দলং নথকাত গাঁও দুখনৰ ৰাইজে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো সুদীৰ্ঘ দিন ধৰি ভুগি আহিছে চৰম যন্ত্ৰণা । কেৱল নির্বাচনৰ সময়ত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই বিধায়ক, সাংসদ, পঞ্চায়ত প্রতিনিধিসকলে ৰাইজৰ ভোট বিচাৰি আহে যদিও জয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ বাস্তৱ ৰূপায়নৰ বাবে কাৰোৰে আহৰি নোহোৱা বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে ।

যাৰ বাবে সোমবাৰে বৰচলা আৰু ৰৌডোং বৰপথাৰ গাঁৱৰ ৰাইজে চৰকাৰ কিম্বা জনপ্রতিনিধিলৈ আৰু ভৰসা নকৰি নিজা দান-বৰঙণিৰে শিঙৰা নদীৰ ওপৰত পুৰুষ-মহিলা উভয়ে ওলাই আহি বাঁহ আৰু কাঠেৰে বৃহৎ দৈঘ্যৰ দলং সাজি যাতায়ত তথা যোগাযোগ ব্যৱস্থা সুচল কৰাত ব্ৰতী হয় ।

লগতে পঢ়ক : এটা কাগজ কলৰ নামত দীৰ্ঘ দিনে চলিছে প্ৰৱঞ্চনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.