লখিমপুৰ, ৬ ডিচেম্বৰ: 6 ডিচেম্বৰৰ দিনটোত কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াই সমগ্ৰ ৰাজ্যতে পালন কৰে সাম্প্ৰদায়িক সংহতি দিৱস হিচাপে ৷ ইয়াৰ সৈতে সংগতি ৰাখি চিপিআয়ে ৰাজ্যজুৰি পালন কৰে গণ অৱস্থান ধৰ্মঘট । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো চিপিআয়ে গ্ৰহণ কৰে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী(Protest programme by CPI) ৷
সমগ্ৰ ৰাজ্যতে চিপিআয়ে 21 দফীয়া দাবী উত্থাপন কৰিছে যদিও ২৩ দফীয়া দাবীৰে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াই ৷ ৰামপুৰ-বগীবিল-ফুলবাৰী গাওঁ পঞ্চায়ত সংযোগী শিঙৰা নৈৰ দলং নিৰ্মাণকে ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধৰ দাবী তুলিছে চি পি আই লখিমপুৰ জিলা সমিতিয়ে(CPI protest in Lakhimpur) ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সংশ্লিষ্ট লোকলৈ কঢ়িয়াই আনিছে প্ৰাণৰ ভাবুকি(NHPC Lower Subansiri project) ৷ সেয়ে শীঘ্ৰে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য বন্ধৰ দাবী তুলিছে চি পি আই লখিমপুৰ জিলা সমিতিয়ে ৷ অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰা(Price hike of essential commodities), জিএচটি বাতিল কৰা, উন্নত স্বাস্থ্য সেৱা, উন্নত শিক্ষা সেৱা বিনামূলীয়া কৰা, সকলো ভূমিহীনক মাটিৰ পট্টা দিয়া, দমনমূলক পুলিচীৰাজ বন্ধ কৰা, বিদ্যুৎ বিধেয়ক বাতিলকৰণ, যোৰহাটত উপ-ৰাজধানী স্থাপনকে অসম প্ৰশাসনিক পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাহাল ৰখা আদিকে ধৰি ২৩ দফীয়া দাবীৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াই ।

উল্লেখিত দাবীবোৰৰ উপৰিও জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাসৰ বাবেও দাবী জনায় ৷ অৱস্থান ধৰ্মঘট স্থলীৰ পৰা এই দাবীসমূহ শীঘ্ৰে পুৰণৰ বাবে উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্রীলৈ স্মাৰক পত্র প্ৰেৰণ কৰে চিপিআইৰ লখিমপুৰ জিলা সমিতিয়ে ।
এই প্ৰতিবাদী কাৰ্যসূচীত চিপিআইৰ লখিমপুৰ জিলা পৰিষদৰ সম্পাদক অৰূপ কলিতা, নিখিল ভাৰত কৃষক সভাৰ লখিমপুৰ জিলা ৰ সভাপতি গিৰিন্দ্ৰ প্ৰসাদ উপাধ্যায় আদিৰ লগতে ৰাইজেও অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: Distortion of history: পথভ্ৰষ্ট মানুহে নিজৰ ভৱিষ্যৎ বুজি নাপায়: ড৹ হীৰেন গোহাঁই