ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ: তাৰ মাজতে ঘটিল অঘটন

author img

By

Published : Jul 23, 2020, 5:19 PM IST

Updated : Jul 29, 2020, 5:56 PM IST

কৃষকনেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি, লাচিত সেনাৰ লগতে কেইবাটাও সংগঠন আৰু স্থানীয় ৰাইজে ৷ ইতিমধ্যে মুক্তি লাভ কৰিছে কৃষক নেতা বিতু সোণোৱালে ৷ কিন্তু তাৰ মাজতে সেই প্ৰতিবাদস্থলীৰ পৰা স্বয়ং কৃষক নেতাৰ মুখেৰেই প্ৰতিধ্বনিত হ'ল বিতু সোণোৱালক মুক্তি দিয়ক শীৰ্ষক শ্ল'গান ৷

নাৰায়ণপুৰত প্ৰতিবাদ
নাৰায়ণপুৰত প্ৰতিবাদ

লখিমপুৰ, 23 জুলাই: জামিনত মুক্তি পালে কৃষক নেতা বিতু সোণোৱালে ৷ কিন্তু স্বয়ং কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই নাজানে তেওঁলোকৰ সংগঠনৰে নেতা গৰাকীৰ মু্ক্তিৰ বিষয়ে ৷ যাৰ বাবে বৃহস্পতিবাৰে নাৰায়ণপুৰত সাব্যস্ত কৰা কৃষক মুক্তিৰ প্ৰতিবাদৰ মাজতে উচ্চ স্বৰত ভাঁহি আহিল কৃষক নেতা বিতু সোণোৱালক মুক্তি দিয়ক শীৰ্ষক শ্ল'গান ৷ বিতু সোণোৱালৰ মুক্তিৰ দাবীৰে প্ৰতিবাদস্থালীৰ পৰা ধ্বনিত হ'ল এগৰাকী কৃষক নেতাৰ প্ৰতিবাদী কণ্ঠ ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই নাজানে তেওঁলোকৰ সংগঠনৰে নেতা গৰাকীৰ মু্ক্তিৰ বিষয়ে

কৃষক নেতা অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ সকলক মুক্তিৰ দাবীৰে নাৰায়ণপুৰত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি,লাচিত সেনাৰ লগতে ভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ নাৰায়ণপুৰ গান্ধী উদ্যানৰ সন্মুখত সংগঠন কেইটাই ৰূপায়ণ কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী ৷ বিজেপি চৰকাৰে অখিল গগৈক মিছা অভিযোগেৰে মাওবাদী সজাই বন্দী কৰি ৰাখিছে বুলি প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদস্থলীৰ পৰা ৷ কংগ্ৰেছৰ দিনতো অনুৰূপ ঘটনাই সংঘটিত হৈছিল অখিল গগৈৰ লগত ৷ বৰ্তমান চৰকাৰকো ফেচীবাদী আখ্যা দি মিছাৰ আশ্ৰয় লৈ অখিল গগৈক দমন কৰিব বিচাৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ এই সুযোগতে চৰকাৰে অসমৰ ৰাইজৰ ওপৰত CAA, নদী বান্ধ আদি জাপি দি তেল, চাহ, কয়লা আদিকে ধৰি অসমৰ সম্পদসমূহ বিদেশী বহুজাতিক কোম্পানীৰ হাতত গতাই দিব বিচাৰিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ চৰকাৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা লোকসকলক মিছা দোষেৰে বন্দী কৰি ৰাখিছে ৷ অখিল গগৈৰ দৰে প্ৰতিবাদী সত্বাক বন্দী কৰি ৰখাৰ বাবে আজি সমগ্ৰ অসম জাগি উঠিছে ৷ যেতিয়ালৈকে অখিল গগৈক মুক্তি নিদিয়ে তেতিয়ালৈ অসম শান্ত নহয় বুলিও সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

অখিল গগৈৰ মুক্তিৰ দাবীৰে নাৰায়ণপুৰত প্ৰতিবাদ

লগতে পঢ়ক: অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাত মানৱ-শৃংখল কাৰ্যসূচী

Last Updated : Jul 29, 2020, 5:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.