লখিমপুৰ,২৭ জুন: এতিয়া খেতিৰ বতৰ । ৰাজ্যজুৰি কৃষক ৰাইজে পথাৰত হাল বোৱা, ৰোৱনীয়ে ভূই ৰোৱাৰ দৃশ্য সুলভ । পিছে এনে সময়তে লখিমপুৰত প্ৰকাশ পালে এক ব্যতিক্রমী চিত্ৰ । লখিমপুৰতো ৰোৱনীয়ে ভুঁই ৰুইছে ! কিন্তু পথাৰত নহয়, পথৰ ওপৰত ৰাইজে ৰুলে কঠীয়া । বানেধোৱা নাওবৈচাত মঙলবাৰে সূলভ সূলভ হ'ল এই দৃশ্য ।
ফকীৰ চুবুৰীৰ এটা বিধ্বস্ত পথ মেৰামতি নকৰাৰ প্ৰতিবাদত ৰাইজে পথত কঁঠীয়া ৰুইছে । স্থানীয় ৱাৰ্ড সদস্য, পঞ্চায়তৰ পৰা বিধায়কৰ ওচৰত ৰাইজে পথটো মেৰামতি কৰাৰ আবেদন জনাই ভাগৰি পৰিল । কিন্তু দীর্ঘসময় ধৰি বিধ্বস্ত পথ বিধ্বস্ত হৈয়েই ৰ'ল । ৰাইজে চৰম যাতনা ভূগি এই পথেৰেই বোকাপানী গচকি যাতায়াত কৰিবলগীয়া হ'ল ।
অৱশেষত ধৈর্য হেৰুৱালে ৰাইজে । মঙলবাৰে গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ । বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁৰ পুত্তলিকা দাহ কৰাৰ লগতে পথত কঁঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । বিধায়ক ভৰত নৰহ গ' বেক, কংগ্রেছ কাম নাই, কংগ্রেছ হায় হায় আদি শ্লোগান দি ক্ষোভ উজাৰে স্হানীয় ৰাইজে ।
লগতে পঢ়ক: Uniform Civil Code : অভিন্ন নাগৰিক সংহিতাক লৈ বিজেপি আৰু বিৰোধীৰ তীব্ৰ বাদানুবাদ
উল্লেখ্য যে, স্বাধীনোত্তৰ ৭৫ বছৰ যোৱাৰ পিছতো উন্নয়ন নহল লখিমপুৰ জিলাৰ নাওবৈচাৰ কৰুণাবাৰী ফকিৰ চুবুৰী পথ । পথটো পথ নে পথাৰ চিনিব নোৱাৰা অৱস্থা । পথটোৰ বাবে পুঁজি আৱন্টন হৈছিল যদিও কলেজ পথৰ বাবে পুঁজি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । উপায়ন্তৰ হৈ ৰাইজে পথত ভুঁই ৰুই, ভৰত চন্দ্ৰ নৰহৰ প্ৰতিমুৰ্তি দাহ কৰি, ভৰত চন্দ্ৰ নৰহ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি পথটো মেৰামতি কৰি কংগ্রেছক আগন্তুক সময়ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হব বুলি হুংকাৰ দিয়ে ।
লগতে পঢ়ক: Gulab Chand Kataria latest news:তেজপুৰলৈ আহিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া