ETV Bharat / state

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ : মহিলাৰ মুখত কেৱল আত্মহত্যাৰ কথা - micro finance loan relief

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি জাঙুৰ খাই উঠিছে মহিলাসকল ৷ বিনা চৰ্তে ঋণ মাফ নকৰিলে আত্মহত্যা কৰাৰ দাবী এংকাশ মহিলাৰ ৷

protest-by-women-demanding-micro-finance-loan-relief
মাইক্ৰ'ফাইনেঞ্চৰ ঋণ : মহিলাৰ মুখত কেৱল আত্মহত্যাৰ কথা
author img

By

Published : Jun 17, 2021, 10:26 PM IST

বিহপুৰীয়া,17 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰটো অব্যাহত আছে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাক লৈ মহিলাৰ প্ৰতিবাদ ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ বিনাচৰ্তে মাফ কৰাৰ দাবীৰে বৃহস্পতিবাৰে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাগড় অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধশতাধিক মহিলাই ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰা সন্দৰ্ভত চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা নীতি-নিৰ্দেশনা সমূহ কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷ যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী সভা সমুহত দিয়া প্ৰতিশ্ৰুতি মতে সকলো মহিলাৰ ঋণ মাফ কৰাৰা দাবী এই সকল মহিলাৰ ৷ অন্যথা তেঁওলোকক মৃত্যুদণ্ড দিয়াৰ আহ্বান প্ৰতিবাদকাৰী মহিলা সকলৰ ৷

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ : মহিলাৰ মুখত কেৱল আত্মহত্যাৰ কথা

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী সভা সমূহত অসমৰ সকলো শ্ৰেণীৰ মহিলাকে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল সেই সময়ৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু শেহতীয়াকৈ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি জাঙুৰ খাই উঠিছে মহিলাসকল ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাগড় অঞ্চলৰ অৰ্ধশতাধিক মহিলা ৷

লগতে পঢ়কঃ YES আই এম চিপাহী: মদিৰা পান কৰি এগৰাকী কনিষ্টবলৰ বাটৰ নাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.