বিহপুৰীয়া, 9 জুলাইঃ বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ভুপেন বৰাৰ নেতৃত্বত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে ৷ সমষ্টিটোৰ বান-খহনীয়াৰ সমস্যাৰ লগতে, প্ৰেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ, বানপিড়ীত সকলক সাহায্য প্ৰদান আদি ভিন্ন দাবীৰে কংগ্ৰেছ দলে নাৰায়ণপুৰৰ পৰা বিহপুৰীয়ালৈ দহ কিলোমিটাৰ পথত ই-ৰিক্সা চলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰে ক্ষমতালৈ অহাৰ পূৰ্বে যেনেদৰে ৰাইজক আশ্বাস প্ৰদান কৰিছিল তেনেদৰে কাম কৰিব পৰা নাই বুলি সমালোচনা কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভুপেন কুমাৰ বৰাই ৷ যাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন সমস্যাত ৷
বিগত মাৰ্চ মাহৰ পৰা বৰ্তমানলৈ শাসনাধীন চৰকাৰখনে 22 বাৰকৈ বৃদ্ধি কৰিছে পেট্ৰ'ল ডিজেলৰ মূল্য ৷ যাৰ বাবে সাধাৰণ ৰাইজ অৰ্থ সংকটত ভুগিছে ৷ অৰ্থনৈতিক মন্দাৱস্থাই তেওঁলোকক হেচা প্ৰদান কৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ নেতাগৰাকীয়ে বিজেপি চৰকাৰক অতি শীঘ্ৰেই পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ আহ্বান জনায় ৷ অন্যথা সাধাৰণ লোকে পুনৰ ঘোঁৰা গাড়ী, ৰিক্সা আদিত ঘূৰিবলৈ বাধ্যা হ'ব বুলি তেওঁ কয় ৷ আনহাতে বিহপুৰীয়াৰ গ্ৰামাঞ্চলৰ বাট-পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷ লগতে চৰকাৰে 24 ঘন্টাই ৰাইজক বিজুলী বাতিৰ যোগান ধৰিব বুলি কৈ এতিয়া 4 ঘন্টাও দিব পৰা নাই বুলি কয় প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাই ৷ ইয়াৰোপৰি বিহপুৰীয়া অঞ্চলৰ বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ লগতে পুনৰ সংস্থাপনৰ বাবে দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ এনেধৰণৰ বহু সমস্যা উত্থাপন কৰি সেইসমূহ সমাধানৰ দাবীৰে বিহপুৰীয়া চক্ৰ বিষয়াৰ জৰিয়তে চৰকাৰলৈ বুলি এখন স্মাৰক প্ৰদান কৰে ৷
লগতে পঢ়কঃ দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ