ETV Bharat / state

নাওবৈচাত লক্ ডাউনৰ মাজতে প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : May 6, 2020, 7:56 PM IST

নাওবৈচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ-বগীবিল পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজ আৰু ৱাৰ্ড সদস্যৰ ৷ লক্ ডাউনৰ সুযোগ লৈ স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি সভাপতিয়ে গোপনে নিৰ্মাণ সমিতি গঠনৰ অভিযোগ ৷ ১০ লাখটকীয়া কালভাৰ্টত ৰড ব্যৱহাৰ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ ফলশ্ৰুতিত লক্ ডাউনৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ৷

protest between lock down at nowboicha
নাওবৈচাত লক্ ডাউনৰ মাজতে প্ৰতিবাদী কাৰ্যসূচী

নাওবৈচা, ৬ মে'ঃ নাওবৈচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ- বগীবিল পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিত দুৰ্নীতি। নাওবৈচাৰ ৰামপুৰ বগীবিল পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়ণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ৷ সভাপতিৰ বিৰুদ্ধে এই অভিযোগ স্থানীয় ৰাইজ আৰু ৱাৰ্ড সদস্যৰ ৷

লক্ ডাউনৰ সুযোগ লৈ নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ ৰামপুৰ বগীবিল গাঁও পঞ্চায়ত এলেকাত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত পঞ্চায়ত সভাপতিগৰাকীয়ে স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি বহু লক্ষ টকা আহৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত সভাপতি বিমান সোণোৱালে নীতিবহিৰ্ভূত প্ৰক্ৰিয়াৰে প্ৰায় ১০ লাখটকীয়া আৰচিচি কালভাৰ্ট নিৰ্মাণৰ বেলিকা স্থানীয় ৰাইজৰ দাবী আৰু প্ৰাককলনক গুৰুত্ব নিদি মইমতালিৰে পঞ্চায়তৰ বাহিৰৰ লোকৰ দ্বাৰা কাম কৰোৱাৰ অভিযোগ তুলি বুধবাৰে স্থানীয় আঞ্চলিক পঞ্চায়তৰ সদস্যা, একাধিক ৱাৰ্ড সদস্যা আৰু ক্ষুব্ধ ৰাইজে লখিমপুৰ জিলা প্ৰশাসন, নাওবৈচা উন্নয়ন খণ্ড কৰ্তৃপক্ষৰ জৰুৰী হস্তক্ষেপ দাবী কৰি নিৰ্মাণস্থলীতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উক্ত দহ লাখটকীয়া কালভাৰ্ট নিৰ্মাণৰ বাবে বিভাগীয় প্ৰাককলনত বৰ্তমানেও কাৰিকৰী অনুমোদন নজনোৱাকৈ নিৰ্মাণকাৰ্য অব্যাহত ৰখা চক্ৰটোৱে মাত্ৰ কেইডালমান ৰড ব্যৱহাৰ কৰিয়েই ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ । প্ৰতিবাদী ৰাইজে 'সভাপতিৰ দুৰ্নীতি নচলিব', 'কালভাৰ্টৰ নিৰ্মাণকাৰ্যৰ অনিয়ম বন্ধ কৰক' 'ৰামপুৰ বগীবিল পঞ্চায়ত দুৰ্নীতিমুক্ত কৰক' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.