ETV Bharat / state

লখিমপুৰত NHPC ৰ বিৰুদ্ধে প্ৰতিবাদ দুই সংগঠনৰ - assu

লখিমপুৰত শুকুৰবাৰে NHPC কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দুটাকৈ ছাত্ৰ সংগঠনে । সোৱণশিৰী নদী ভেদি নিৰ্মাণ কৰা NHPCৰ বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই । লকডাউনৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থা,আৰু অসম জাতীয়তাবাদী যুৱ পৰিসদৰ লখিমপুৰ জিলা সমিতিয়ে ।

লখিমপুৰ
লখিমপুৰত NHPC ৰ বিৰুদ্ধে প্ৰতিবাদ দুই সংগঠনৰ
author img

By

Published : May 29, 2020, 7:46 PM IST

লখিমপুৰ, ২৯ মে': এফালে মহামাৰী কৰ'ণা, আনফালে বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ ভয়ত কম্পমান লখিমপুৰ, ধেমাজি ,মাজুলীৰ জনসাধাৰণ । কাৰণ গেৰুকামুখত নিৰ্মানৰত অৱস্থাত থকা নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত খহিব ধৰিছে পাহাৰ । বিগত তিনি চিৰিদিন ধৰি অহা প্ৰৱল বৰষুণৰ ফলতেই সোৱণশিৰী নদী ভেদি নিৰ্মাণ কৰা NHPCৰ বৃহৎ নদীবান্ধৰ পাহাৰ খহাৰ ।

লখিমপুৰ
লখিমপুৰত NHPC ৰ বিৰুদ্ধে প্ৰতিবাদ দুই সংগঠনৰ

এই তথ্য পোহৰলৈ অহাৰ পাচতে আতংকিত লখিমপুৰ ধেমাজি,মাজুলীৰ ৰ নৈ পৰিয়া ৰাইজ । কাৰণ বাৰিষাৰ আৰম্ভনিতে যদি এই দুৰ্যোগ, তেন্তে ভৰ বাৰিষাত নিশেষ হ'ব পাৰে সকলো । যাৰ বাবে ৰাইজ, দল সংগঠন, ন্যায়ালয়ৰ নিৰ্দেশনা অবমাননা কৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অব্যাহত ৰখা NHPC কৰ্তৃপক্ষৰ বিৰুদ্ধে শুকুৰবাৰে লখিমপুৰ নগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দুটাকৈ ছাত্ৰ সংগঠনে ।

লকডাউনৰ মাজতে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল লখিমপুৰ জিলা ছাত্ৰ সন্থা,আৰু অসম জাতীয়তাবাদী যুৱ পৰিসদৰ লখিমপুৰ জিলা সমিতিয়ে । শুকুৰবাৰে সংগঠন দুটাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ তথা NHPC কৰ্তৃপক্ষলৈ নিৰ্মান কাৰ্য বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে ।

প্ৰথমে নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিচিত্ত কৰি বিজ্ঞান সন্মতভাবে কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাই সংগঠন দুটাই । আনহাতে, চৰকাৰে এই ভয়াবহতা দেখিও নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ হেচা নিদিলে লকডাউনৰ সকলো বাধা নেওচি বৃহৎ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ সংগঠন দুটাৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.