লখিমপুৰ, 10 জুন : মাইক্ৰ'ফাইনেঞ্চ কোম্পানী আৰু ৰাজ্য চৰকাৰৰ ঋণ মাফৰ ক্ষেত্ৰত দুমুখীয়া নীতিক লৈ প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ মাইক্ৰ'ফাইনেন্সৰ প্ৰসংগত পুনৰ প্ৰতিবাদত নামিল লখিমপুৰৰ শতাধিক মহিলা(Protest against microfinance company in Lakhimpur) ৷ লখিমপুৰত নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ বিৰুদ্ধে গৰজি উঠিল জাগৃত নাৰী শক্তি সমিতি ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহৰ সৈতে বুজাবুজি কৰি মহিলাসকলক লোণৰ পৰা ৰেহাই দিয়াৰ পাছতো নৰ্থ ইষ্ট স্মল ফাইনান্স কোম্পানীয়ে টকা বিচাৰি মহিলাসকলক ভীতিগ্ৰস্ত কৰাৰ অভিযোগ তুলি নাৰী শক্তি সমিতিয়ে শুকুৰবাৰে লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে('Harassment allegations against micro finance company in Lakhimpur) । টকা বিচাৰি এজেন্ট সকলে নিতৌ মহিলাসকলক হাৰাশাস্তি কৰাৰ উপৰিও গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে ।
নৰ্থ ইষ্ট স্মল ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী মহিলাসকলে নৰ্থ ইষ্ট স্মল ফাইনেন্স কোম্পানীক বন্ধ কৰি দিয়াৰো দাবী জনায় চৰকাৰক । এই সন্দৰ্ভত মহিলাসকলে উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে নৰ্থ ইষ্ট স্মল ফাইনেন্স কোম্পানীৰ কাৰ্যালয়লৈ গৈ মহিলাসকলক হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিয়ে । অন্যথা অনাগত দিনত কোম্পানীটোৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে মহিলাসকলে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ'ফাইনেন্স ঋণ মাফৰ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত কোনো সুফল নোপোৱাত ক্ষোভিত হৈ পৰিছে মহিলাসকল ৷
লগতে পঢ়ক : পুনৰ মাইক্ৰফাইনেঞ্চৰ নামত প্ৰতিবাদ ৰাজ্যত