ETV Bharat / state

অবৈধভাৱে চলিছে দ্ৰোপাং নদীৰ কুৱেৰী: ৰাইজৰ প্ৰতিবাদ - illegal dragging in Dropang river

অবৈধভাৱে চলিছে লখিমপুৰৰ দ্ৰোপাং নদীৰ কুৱেৰী ৷ ভাবুকি কঢ়িয়াই আনিছে অনিৰুদ্ধদেৱ সেতুলৈ ৷ স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷

অবৈধভাৱে চলিছে দ্ৰোপাং নদীৰ কুৱেৰী: ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jun 13, 2022, 5:38 PM IST

নাওবৈচা,১৩ জুন: লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ তথা অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ দ্ৰোপাং নদীৰ ওপৰত আজিও অব্যাহত আছে অবৈধ খনন (illegal dragging in Dropang river) ৷ চৰকাৰী নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন তথা ৰাজনীতিৰ বলেৰে বলিয়ান বিষ্ণু প্ৰতিম বৰা নামৰ এজন বালি মাফিয়াই দ্ৰোপাং নদীত জধে মধে বালি খনন কৰাৰ ফলত দাঁতি কাষৰীয়া অঞ্চলৰ লগতে অনিৰুদ্ধ সেঁতুলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।

এইবোৰ দেখিও দীৰ্ঘদিনে বন বিভাগ তথা হাৰমতি আঞ্চলিক বন বিষয়াই নেদেখাৰ ভাও জুৰি আহিছে । সকলোৱে কমিছনৰ মোহত বন্দী হৈ চকু মুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ ৰাইজৰ ৷ ৰাইজৰ অভিযোগ- কুৱেৰীটোৰ পৰা চালানবিহীনভাবে সৰবৰাহ কৰি থকা হৈছে শ-শ ট্ৰেক্টৰ আৰু ড্ৰাম্পাৰৰ সহায়ত শিল আৰু বালি ৷ অবাধ হাৰত শিল-বালি সৰবৰাহ কৰি বনজ সম্পদ লুণ্ঠনৰ ফলত চৰকাৰে হেৰুৱাবলগীয়া হৈছে বহু লাখ টকাৰ ৰাজহ ৷

অবৈধভাৱে চলিছে দ্ৰোপাং নদীৰ কুৱেৰী: ৰাইজৰ প্ৰতিবাদ

দ্ৰোপাং নদীৰ বক্ষত অবৈধভাৱে কুৱেৰী স্থাপন কৰি খনন কৰাৰ ফলত ৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেঁতুলৈ অশনি সংকেত নামি অহাৰ লগতে সম্প্ৰতি নদীৰ গতিপথ সলনি হৈ গৰাখহনীয়া সৃষ্টি হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ চৰকাৰী বনজ সম্পদৰ ওপৰত অবৈধভাবে লুণ্ঠন চলাই মোটা অংকৰ ধন উদৰস্থ কৰি অহাসকলে কেৱল নিজস্বাৰ্থ সিদ্ধিৰ বাবে অঞ্চলবাসী ৰাইজক হাৰাশান্তি কৰি অহাৰ লগতে ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দিছে ৷

যাৰ বাবে সোমবাৰে অবৈধ কুৱেৰীটোত স্থানীয় একাংশ ৰাইজ উপস্থিত হৈ অবৈধ কুৱেৰীটো বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against illegal dragging in Dropang river at Naoboicha) ৷ প্ৰতিবাদকাৰীসকলে অতি সোনকালে কুৱেৰীটোৰ চৰ্দাৰ বিষ্ণু প্ৰতিম বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈকো দাবী জনায় ৷ অন্যথা ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলিও ৰাইজে হুংকাৰ দিয়ে ।

লগতে পঢ়ক: তেজপুৰত উপায়ুক্তৰ সন্মিলন: উন্নয়ন-সমস্যা আদিৰ খতিয়ান ল’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.